অসম

assam

ETV Bharat / videos

৮ হাজাৰ টকা ঘোচ লৈ আটক সমবায়ৰ সহকাৰী পঞ্জীয়ক

By ETV Bharat Assamese Team

Published : Dec 3, 2024, 10:39 PM IST

মঙলদৈ: মঙলদৈৰ কৰিমচকস্থিত সমবায়সমূহৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত উপ-পঞ্জীয়ক পৰেশ কুমাৰ চাহুৱে আজি হাত দাঙিলে কৰ্তব্যৰত অৱস্থাত । কাৰ্যালয়ৰ সহকাৰী পঞ্জীয়কৰো দায়িত্বত থকা চাহুক মঙলবাৰে মঙলদৈস্থিত দৰং জিলা সমবায় সমিতিসমূহৰ ভাৰপ্ৰাপ্ত উপ-পঞ্জীয়কৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই  ৮ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোতে ধৰা পেলায় ।

অভিযোগ অনুসৰি ২০২৩ চনৰ ডিচেম্বৰত দায়িত্ব লোৱা বিষয়াগৰাকীৰ ওচৰলৈ ডাকচকীৰ শুভলক্ষ্মী মহিলা সমবায় ছ'চাইটিৰ পঞ্জীয়নৰ বাবে দুগৰাকী মহিলাই কেইবাদিনো তাত-বাটি কাঢ়ি কাম সমাধান কৰিবলৈ বিষয়াগৰাকীক অনুৰোধ কৰে । বিষয়াগৰাকীয়ে এই কামৰ বাবে মহিলাদুগৰাকীৰ পৰা দহ হাজাৰ টকা উৎকোচ বিচাৰে। তেওঁলোকে ইমান টকা দিব নোৱাৰিব বুলি কোৱাত আঠ হাজাৰ টকাত দুয়োপক্ষ সন্মত হয় ।

ইফালে, বিষয়াগৰাকীৰ এনে আচৰণত ক্ষুন্ন হৈ তেওঁলোকে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰ চাপে । সেই মৰ্মেই আজি দিনৰ একমান বজাত মহিলা কেইগৰাকীয়ে গৈ তেওঁক উক্ত ধন দি থকা অৱস্থাত হাতে-লোটে ধৰা পেলাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ বিভাগৰ এটা বিষয়াৰ দলে ।

দলটোৱে ইয়াৰ পিছতেই মঙলদৈ সদৰ থানাক অৱগত কৰি উক্ত কাৰ্যালয়তে তেওঁক সোধা-পোচা কৰে । ছ'চাইটিৰ মহিলা বিষয়ববীয়া কেইগৰাকীৰো ভাষ্য গ্ৰহণ কৰে অভিযানকাৰী দলটোৱে । উল্লেখযোগ্য যে নিশাৰ ভিতৰতে মঙলদৈ সদৰ থানাত গোচৰ ৰুজু কৰি মঙলদৈ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই আটকাধীন বিষয়াগৰাকীক গুৱাহাটীলৈ লৈ যোৱাৰ সম্ভাৱনা আছে ।  

লগতে পঢ়ক:ঘৰৰ পৰা উদ্ধাৰ ৪৭,৩০,৫০০ টকা: ডাঙৰকৈ মুখ মেলি কোৱাৰি ফাটিল আবকাৰী বিষয়াৰ

ABOUT THE AUTHOR

...view details