অসম

assam

ETV Bharat / videos

অবৈধভাৱে কঢ়িয়াই অনা খয়েৰ কাঠ ভৰ্তি ট্ৰাক জব্দ huge-amount-of-smuggled-wood-seized - Wood smuggling

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 9:31 AM IST

জোনাই, 16 জুন : ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাম্বোক আৰক্ষী টহলদাৰী চকীৰ এটা দলে শুকুৰবাৰে মাজনিশা প্ৰায় 1 বজাত খয়েৰ কাঠ ভৰ্তি এখন ট্ৰাক জব্দ কৰে ৷ লগতে আৰক্ষীয়ে আটক কৰে দুজন লোকক ৷ জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ পৰা শিৱসাগৰ হৈ মহাৰাষ্ট্ৰলৈ গৈ থকা UP 61 AT 7527 নম্বৰ কাঠ ভৰ্তি ট্ৰাকখনক বগীবিল দলঙৰ সমীপত জব্দ কৰে আৰক্ষীৰ দলটোৱে ৷

চিলাপথাৰ আৰক্ষীয়ে অবৈধ কাঠ ভৰ্তি ট্ৰাকখন 15 ঘন্টাৰ পিচতেই চিলাপথাৰ বন বিভাগৰ ওচৰত গটাই দিয়ে ৷ নগালেণ্ডৰ টিপি থকা কাঠ ভৰ্তি ট্ৰাকখনৰ চালকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে পথ ভুল কৰাৰ ফলত চিলাপথাৰত প্ৰৱেশৰ কৰিলেহি ৷ ইপিনে বন বিভাগে জনোৱা মতে, কাঠখিনিৰ মূল্য নিৰ্ধাৰিত কৰিব পৰা নাই যদিও 25 হাজাৰ কেজি কাঠ আছে ৷

লগতে পঢ়ক: কাজিৰঙাত পুনৰ চোৰাং কাঠ সৰবৰাহ কৰা বাহন জব্দ - Smuggled timber seized

ABOUT THE AUTHOR

...view details