অসম

assam

ETV Bharat / videos

মাতাল পুত্ৰই কৰিলে এই কাণ্ড

By ETV Bharat Assamese Team

Published : 5 hours ago

গোলাঘাট : ভূ-লুণ্ঠিত হৈছে মানৱতা । আনৰ কথাটো বাদেই এতিয়া জননীও সুৰক্ষিত নহয় সন্তানৰ পৰা । সহজলভ্য় সুৰাই যেন নিঃশেষ কৰিবলৈ ধৰিছে একোটা জীৱন । মাতাল পুত্ৰৰ হাতত প্ৰাণ দিবলগীয়া হৈছে মাতৃয়ে । এই ঘটনাটো সংঘটিত হৈছে বোকাখাতত ।

দেওবাৰে নিশাৰ ভাগত বোকাখাত সাপজুৰি বঙালী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো । উত্থাপিত অভিযোগ অনুসৰি, মাতৃ শেৱালী গগৈ বৰাক হত্যা কৰিলে সুৰাৰ ৰাগীত মাতাল পুত্ৰ চন্দন বৰাই । স্থানীয় গাঁওপ্ৰধানে নিশাই উক্ত ঘটনাৰ বিষয়ে বোকাখাত থানাৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । লগতে এই হত্যাৰ সন্দেহত দুই পুত্ৰ মামু বৰা আৰু চন্দন বৰাক গ্ৰেপ্তাৰ কৰিছে বোকাখাত আৰক্ষীয়ে ।

লগতে পঢ়ক:সঁচাকৈয়ে হত্যা কৰিছিল নেকি পুত্ৰক ?

কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মহিলাৰ - Dibrugarh murder case

ABOUT THE AUTHOR

...view details