অসম

assam

ETV Bharat / videos

হিমন্ত বিশ্ব শৰ্মাই যি ক'বলৈ কয় তাকেই কয় ভৱেশ কলিতাই: মীৰা বৰঠাকুৰ - MIRA BORTHAKUR SLAMS BJP

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 8:30 AM IST

বিশ্বনাথ: আকৰ্ষণীয় হৈ পৰিছে বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান । কংগ্ৰেছ আৰু বিজেপিৰ বাবে সন্মানৰ যুঁজ হৈ পৰিছে এই বিধানসভা সমষ্টিটো । ইয়াৰ মাজতেই সোমবাৰে জয়ন্ত বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে । লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকী ।

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকী কয়, "বিহালীৰ ফলাফল যোৰহাটৰ দৰেই হ'ব । যোৰহাটত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিও কংগ্ৰেছক হৰুৱাব নোৱাৰিলে, বিহালীতো নোৱাৰে ।" বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিহালীৰ বাবে গৌৰৱ গগৈ কোনো ফেক্টৰ নহয় বুলি নিৰ্বাচনী ভাষণত দিয়া মন্তব্য সন্দৰ্ভত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে কয়, "ভৱেশ কলিতা বিজেপিৰ সভাপতি হ'ব পাৰে, কিন্তু গৌৰৱ গগৈ হ'ব নোৱাৰে । ভৱেশ কলিতা "ছোটে মুখ বড়ী বাত" । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ক'বলৈ কয় তেওঁ তাকেই কয়,ভৱেশ কলিতাৰ নিজস্বতা নাই । ভৱেশ কলিতাই নিজে কিবা কওঁকচোন । বিজেপি চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ । সেই কথা ৰাইজে বুজি পাইছে ।"

ইফালে, বিৰোধী ঐক্য বিভিজন হোৱা সন্দৰ্ভত তেওঁ কয়, "আচলতে সকলোৱেই নিজৰ সীমাবদ্ধতা বুজি পোৱা উচিত । বিজেপিৰ দৰে বৃহৎ দল এটাক হৰুৱাবলৈ বৃহৎ শক্তিৰ প্ৰয়োজন ।" কংগ্ৰেছ নেত্ৰীগৰাকীয়ে সোমবাৰে বিহালীৰ টেলেঙনীয়া গাঁৱত এক পদযাত্ৰাত অংশগ্ৰহণ  কৰি বিজেপিক কঠোৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছ সভালৈ মানুহ নহাৰ কাৰণ কংগ্ৰেছে কোনো ধন দিব নোৱাৰে বুলি কয় ।

লগতে পঢ়ক:বিহালীত কংগ্ৰেছৰ বাহত বিজেপিয়ে কণী পাৰিছে: চি পি আই (এম এল)

বিহালীত নিৰ্বাচনী প্ৰচাৰৰ মাজতেই গৌৰৱ গগৈৰ মুখত বিলাতী সুৰা আৰু ৰিপুন বৰাৰ মুখত গাখীৰৰ প্ৰসংগ

ABOUT THE AUTHOR

...view details