জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃৰ দেহাৱসান, সংগীতানুষ্ঠান বাতিল - Mausam Gogoi mother passes away - MAUSAM GOGOI MOTHER PASSES AWAY
Published : May 10, 2024, 1:08 PM IST
জোনাই, ১০ মে' : বৃহস্পতিবাৰে নিশা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ লাৱন্য গগৈয়ে । মাতৃৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে কণ্ঠশিল্পী মৌচম গগৈ । সমাজৰ পৰম্পৰাগত ৰীতি-নীতিৰ মাজৰে চিলাপথাৰ জনকীয়াসুঁতিস্থিত বাসগৃহত শেষকৃত্য সম্পন্ন কৰা হয় কণ্ঠশিল্পীগৰাকীৰ মাতৃৰ ।
উল্লেখ্য যে, মাতৃৰ আকস্মিক বিয়োগৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত পৰিৱেশন কৰিব লগা বিহুৰ সংগীতানুষ্ঠানসমূহ বাতিল কৰিছে শিল্পীগৰাকীয়ে । মৃত্যুৰ পিছত তিনি দিন অৰ্থাৎ তিলনি পৰ্যন্ত সংগীতানুষ্ঠান পৰিৱেশন কৰিব নোৱাৰাৰ বাবে বিহু সমিতিসমূহৰ লগতে ৰাইজৰ ওচৰত ক্ষমা খুজিছে কণ্ঠশিল্পী মৌচম গগৈয়ে ।
কণ্ঠশিল্পীগৰাকীৰ মাতৃ তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ললিত গগৈৰ পত্নীৰ পত্নীৰ বিয়োগত অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ পৰিছে ।