Exit Exam বাতিলৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ - Exit exam for B pharmacy
Published : Mar 8, 2024, 2:17 PM IST
শিলচৰ, 8 মাৰ্চ : Exit Exam বাতিলৰ দাবীত শিলচৰ অসম বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ ধৰ্ণা কাৰ্যসূচী ৷ বিশ্ববিদ্যালয়ৰ ফাৰ্মাচিউটিকেল বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰিছে এই ধৰ্ণা কাৰ্যসূচী । হাতত প্লে’কাৰ্ড লৈ বিশ্ববিদ্যালয়ৰ সম্মুখত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ।
উল্লেখ কৰা প্ৰয়োজন যে, অসম ফাৰ্মাচিউটিকেল কাউন্সিলৰ নতুন নিয়ম অনুযায়ী শিলচৰৰ অসম বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফাৰ্মাচিউটিকেল বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে ফাৰ্মাচী শিক্ষা সমাপ্ত হোৱাৰ পাছত পঞ্জীয়নৰ বাবে দিব লাগিব Exit Exam বুলি এক বিশেষ পৰীক্ষা আৰু পৰিষদ তথা কাউন্সিলৰ এই নতুন নিৰ্দেশনা জাৰি কৰাৰ পাছতে জাঙুৰ উঠিছে অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ।
ফলত এই নিৰ্দেশনাৰ বিৰোধ জনাই শিলচৰ অসম বিশ্ববিদ্যালয়ৰ ফাৰ্মাচিউটিকেল বিজ্ঞান বিভাগৰ শিক্ষাৰ্থীসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি এই নতুন শীঘ্ৰে নিয়ম বাতিলৰ দাবী জনায় । নহ’লে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী শিক্ষাৰ্থীসকলে ৷
লগতে পঢ়ক: পথ দুৰ্ঘটনাত প্ৰাণ গ'ল অসম বিশ্ববিদ্যালয়ৰ মেধাবী ছাত্ৰীৰ