অসম

assam

অসমৰ মানুহ বহুত ভাল : প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া - Gulab Chand Kataria

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 1:25 PM IST

বৰঝাৰত প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া (ETV Bharat Assam)

গুৱাহাটী, 30 জুলাই : অসম এৰিলে প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই । অসমৰ প্ৰাক্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক বৰঝাৰ বিমান বন্দৰত Guard Of honour ৰে বিদায় সম্ভাষণ জনোৱা হয় । অসমৰ পৰা বিদায় লৈ গুলাব চান্দ কাটাৰিয়াই যোগদান কৰিব পঞ্জাবৰ ৰাজ্যপাল হিচাপে ।

অসম এৰাৰ পূৰ্বে বিমান বন্দৰত সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ কথা প্ৰকাশ কৰি প্ৰাক্তন ৰাজ্যপালগাকীয়ে কয়, "অসমৰ মানুহ বহুত ভাল, মোক যথেষ্ঠ মৰম দিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত অসমত বহু উন্নয়ন হৈছে ৷ অসমৰ চাহ বাগান অঞ্চলসমূহত এতিয়াও শিক্ষাৰ প্ৰসাৰ ঘটা নাই, থাকিবলৈ ঘৰ নাই । সেই অঞ্চলসমূহত চৰকাৰে গুৰুত্ব দিয়া উচিত । অৱশ্যে এতিয়া সেইসকল মানুহৰ বাবে চৰকাৰে কাম কৰিবলৈ লৈছে । প্ৰধানমন্ত্ৰী মোদীৰ দিনত উত্তৰ-পূৰ্বাঞ্চলত উন্নয়ন হৈছে ৷ অসমত কিদৰে শান্তি অটুত থাকে তাৰ ওপৰত গুৰুত্ব দিয়া উচিত ৷"

লগতে পঢ়ক: বিদায়ী ৰাজ্যপালক সাক্ষাৎ কৰি কৃতজ্ঞতা-শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্রীৰ - Gulab Chand Kataria

ছত্তীশগড়ৰ ৰাজ্যপালৰূপে বুধবাৰে শপত ল'ব ৰমেন ডেকাই : মঙলবাৰে আচাৰ্যই ল'ব শপত - Ramen Deka

ABOUT THE AUTHOR

...view details