অসম

assam

ETV Bharat / videos

লক্ষ্মীপূজা-কাতি বিহুৰ উচাহৰ পৰা বঞ্চিত ধেমাজিৰ এইসকল লোক

By ETV Bharat Assamese Team

Published : 5 hours ago

ধেমাজি,১৬ অক্টোবৰ: সন্মুখত উদং হৈ ৰোৱা এখন পথাৰ । কাতি বিহু বুলি এগচি চাকি দিবলৈ এডৰা মাটিতো নাই এমুঠি ধানৰ গোছা । ধেমাজিৰ বহু গাঁৱত নজ্বলে কাতি বিহুৰ বন্তি । নাই লক্ষ্মী পূজাৰো আয়োজন । উদং পথাৰডৰালৈ চাই হুমুনিয়াহ কাঢ়িছে গঞা কৃষকে । ধেমাজিৰ চিচিবৰগাঁৱৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নিলখ পঞ্চায়তৰ লুগুটি, খৰাগড় গাঁৱৰ লোকসকলে বিগত কেইবাবছৰ ধৰি কাতি বিহু উদযাপন নকৰাকৈয়ে পাৰ কৰিছে ।  

কিয়নো অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা নৈ কামিয়াই নিলখ পঞ্চায়তৰ লগতে দাতিকাষৰীয়া কেইবাখনো গাঁৱত তাণ্ডৱলীলা চলাই আহিছে । যাৰ ফলত বিগত কেইবাটাও বছৰ ধৰি হেপাঁহৰ সোণগুটি বুটলিবলৈ পোৱা নাই এই গাঁওখনৰ কৃষকসকলে । কাইলৈ যদিও কাতি বিহু কিন্তু নিজৰ পথাৰ বুলিবলৈ বালিময় মাটি কেইডৰাৰ বাহিৰে একোৱেই নাই এই কৃষকসকলৰ । সেয়েহে কাতি বিহুৰ প্ৰাকক্ষণত লুগুটি গাঁৱৰ কৃষকে চৰকাৰক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনালে যাতে আগন্তুক দিনসমূহত তেওঁলোকৰ পথাৰৰ মাটিকেইডৰাত ধান খেতি কৰিব পাৰে ।

লগতে পঢ়ক: গুৱাহাটীৰ বজাৰত লক্ষ্মী পূজাৰ সামগ্ৰীৰ পয়োভৰ

কাতি বিহুৰ বিভিন্ন লোকাচাৰ আৰু অসমৰ কৃষক সমাজত ইয়াৰ তাৎপৰ্য

ABOUT THE AUTHOR

...view details