অসম

assam

ETV Bharat / videos

এন ডি এত নাইডু-নীতিশৰ অৱস্থিতিক লৈ গৌৰৱৰ সন্দেহ - LOK SABHA ELECTION RESULTS 2024 - LOK SABHA ELECTION RESULTS 2024

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 5:27 PM IST

মাজুলী, 5 মে’: ‘‘ইণ্ডি এলায়েন্স গঠন কৰোতে নীতিশ কুমাৰ আমাৰ লগতে আছিল ৷ নীতিশ কুমাৰৰ লগত আমাৰ ভাল চিনাকী ৷ 2019ৰ নিৰ্বাচনত চন্দ্ৰবাবু নাইডুও আমাৰ লগত আছিল ৷ হঠাতে তেওঁলোক এন ডি এৰ লগ হৈছে ৷’’ মাজুলীত এইদৰে ক’লে গৌৰৱ গগৈয়ে ৷

চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ প্ৰকৃত এন ডি এ নহয় বুলি কয় সাংসদগৰাকীয়ে ৷ ৰাজনীতিত পৰিস্থিতি সলনি হ’ব পাৰে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে ৰাইজে বিজেপিৰ অহংকাৰ ভাঙিছে ৷  

কংগ্ৰেছৰ লগত এতিয়া যথেষ্ট সংখ্যা আছে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে এতিয়া বিজেপিয়ে অসমবিৰোধী আইন আনিবলৈ বিচাৰিলে সেই আইন বাতিল কৰোৱা হ’ব ৷ এনেকুৱা পৰিস্থিতি পূৰ্বে হোৱাহেঁতেন নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত নহ’লহেঁতেন বুলি মন্তব্য কৰে সদ্যজয়ী সাংসদগৰাকীয়ে ৷

উল্লেখ্য যে মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষিত হোৱাৰ পিচত বুধবাৰে প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হয় গৌৰৱ গগৈ । অফলামুখ পাৰঘাটত গৌৰৱ গগৈ উপস্থিত হোৱাৰ লগে লগে মাজুলী জিলা কংগ্ৰছৰ পৰা নৱনিৰ্বাচিত সাংসদগৰাকীক আদৰণি জনোৱা হয় ৷

লগতে পঢ়ক: গৌৰৱ গগৈক প্ৰশংসা কৰি ফেচবুকত পোষ্ট বিধায়ক মৃণাল শইকীয়াৰ !

ABOUT THE AUTHOR

...view details