অসম

assam

ETV Bharat / videos

গণতন্ত্ৰক মৰ্যাদা দিবলৈ প্ৰশাসনক আহ্বান বিধায়ক নুৰুল হুদাৰ - Bharat Jodo Nyay Yatra

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 10:04 PM IST

নগাঁও, 21 জানুৱাৰী : ৰাহুল গান্ধীৰ পদযাত্ৰাত আক্ৰমণ কৰা ঘটনাক গৰিহণা বিধায়ক নুৰুল হুদাৰ মন্তব্য ৷ এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়কজনে কয় যে, শান্তিপূৰ্ণ পদযাত্ৰাত আক্ৰমণ কৰি বিজেপিয়ে গণতন্ত্ৰৰ মৰ্যাদা হেৰুৱাইছে। আক্ৰমণ কৰাৰ সময়ত প্ৰশাসনে চকু মুদা কুলিৰ ভাও ধৰা বুলিও অভিযোগ উত্থাপন কৰে বিধায়ক নুৰুল হুদাই ৷ লগতে এই ঘটনাক গৰিহণা দিয়ে বিধায়কজনে ৷
এই ঘটনাৰ পিছতেই গণতন্ত্ৰৰ মৰ্যাদা ৰক্ষা কৰিবলৈ প্ৰশাসনক আহ্বান জনায় বিধায়ক নুৰুল হুদাই। ইফালে পদযাত্ৰাত আক্ৰমণত আহত হোৱা কংগ্ৰেছ সমৰ্থকৰ স্বাস্থ্যৰ বুজ লয় বিধায়ক নুৰুল হুদাই ৷ 

উল্লেখ্য যে, দেওবাৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত জামুগুৰিহাট আৰু চামগুৰিত আক্ৰমণ সংঘটিত কৰে একাংশ লোকে ৷ 

লগতে পঢ়ক : আক্ৰমণৰ সন্মুখীন ভাৰত জোড়ো ন্যায় যাত্ৰা, আঘাতপ্ৰাপ্ত ভূপেন বৰা

ABOUT THE AUTHOR

...view details