কোনোবা গুচি গ'লেও কংগ্ৰেছৰ বিশেষ ক্ষতি নহয় : নন্দিতা দাস - Lok Sabha election 2024 - LOK SABHA ELECTION 2024
Published : Mar 27, 2024, 6:35 PM IST
মাজুলী, ২৭ মাৰ্চ: যোৰহাট লোকসভা সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ মাজুলীত প্ৰচাৰ চলাইছে বকোৰ বিধায়িকা নন্দিতা দাসে । গৌৰৱ গগৈৰ হৈ গাঁৱে গাঁৱে গৈ প্ৰচাৰ চলাইছে বকোৰ বিধায়িকাগৰাকীয়ে । মাজুলীৰ বিভিন্ন অঞ্চলত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজৰ সমস্যাৰ বিষয়ে বুজ লয় বিধায়িকাগৰাকীয়ে । মুখ্যমন্ত্ৰীয়ে ২০২৬ত কংগ্ৰেছ শূণ্য হোৱাৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে কংগ্ৰেছ হৈছে মহাসাগৰ । ইয়াৰ পৰা কোনোবা গুচি গ'লেও কংগ্ৰেছৰ বিশেষ ক্ষতি নহয় ।
মুখ্যমন্ত্ৰীগৰাকীৰ কথাৰ কোনো মূল্য নাই বুলি উল্লেখ কৰি বিধায়িকা নন্দিতা দাসে কয় যে কংগ্রেছ দলত থাকোতে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি কোৱা আজিৰ মুখ্যমন্ত্ৰীগৰাকীয়েই এতিয়া বিজেপি দলত থাকি নৰেন্দ্ৰ মোদীক তেল মাৰি থাকে । তেওঁ গৌৰৱ গগৈৰ জয় নিশ্চিত বুলি দাবী কৰি কয় যে যোৰহাট লোকসভা সমষ্টিত এতিয়া প্ৰতিযোগিতা চলিছে কোন সমষ্টিয়ে কিমান ভোটত জিকাই পঠিয়াব কংগ্রেছ প্ৰাৰ্থীগৰাকীক । মাজুলীৰ জেংৰাইমুখ, যোৰবিল, দেউৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে মন্তব্য কৰে বকোৰ বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাইহে হাতৰ প্ৰতীক বিচাৰি আহিব : ভূপেন বৰা - LOK SABHA ELECTION 2024