অসম

assam

ETV Bharat / videos

নৈশ বাছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ - STONE PELTED AT NIGHT SUPER BUS

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 11:33 AM IST

গোলাঘাট, 10 জুন : দেওবাৰৰ নিশা গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখী নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ ৷ গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখী AS-05C-9200 নম্বৰৰ নামবৰ নৈশ বাছত শিলগুটি নিক্ষেপ কৰে দুৰ্বৃত্তই । নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিষ্ণু মন্দিৰৰ সমীপত সংঘটিত হয় এই ঘটনাটো ।

জানিব পৰা মতে, নৈশ বাছখনৰ দুয়োফালৰ পৰা শিলগুটি নিক্ষেপ কৰাৰ ফলত দুয়োফালৰ আইনাবোৰ ভাঙি যায় যদিও সৌভাগ্যক্ৰমে চালক-হেণ্ডিমেনৰ লগতে নৈশ বাছখনত থকা যাত্ৰীসকলৰ জীৱন ৰক্ষা পৰে । ইতিমধ্যে চালকে আৰোহীসহ বাছখন লৈ নুমলীগড় গ্ৰাম্য আৰক্ষী থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে । নুমলীগড় আৰক্ষীয়ে উক্ত ঘটনা সম্পৰ্কে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । 

ঘটনাৰ লগত জড়িত দুৰ্বৃত্তৰ দলটোক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ বাবে আৰক্ষীক আহ্বান জনায় নৈশ বাছখনৰ চালকে । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বেও উক্ত স্থানত অন্য এখন নৈশ বাছত শিলগুটি নিক্ষেপ কৰিছিল দুৰ্বৃত্তই ।

লগতে পঢ়ক: আৰক্ষী কনিষ্টবলক খুন্দিওৱা নৈশ বাছ জব্দ, যাত্ৰীৰ হাহাকাৰ - Road Accident

ABOUT THE AUTHOR

...view details