অসম

assam

কংগ্ৰেছক অসমৰ জনজাতীয় লোকক ক্ষমা খোজাৰ আহ্বান পীযুষৰ - Sonapur Eviction

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 3:10 PM IST

কংগ্ৰেছক অসমৰ জনজাতীয় লোকক ক্ষমা খোজাৰ আহ্বান পীযুষৰ (ETV Bharat)

চামগুৰি,১৬ ছেপ্টেম্বৰ : সোণাপুৰৰ উচ্ছেদক লৈ ৰাজ্যজুৰি বিতৰ্ক অব্যাহত আছে । শাসকীয় আৰু বিৰোধীৰ মাজত এই বিষয়ক লৈ তীব্ৰ বাকযুদ্ধ চলি আছে । তাৰ মাজতে পীযুষ হাজৰীকাই কংগ্ৰেছক ধিক্কাৰ দিলে । উচ্ছেদৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছ দলক ধিক্কাৰ দিলে পীযুষ হাজৰীকাই । কংগ্ৰেছ জনজাতি বিৰোধী বুলিও ইংগিত দিলে পীযুষ হাজৰীকাই । যাৰবাবে তেওঁ অসমৰ সকলো জনজাতীয় লোকক ক্ষমা খুজিবলৈ কংগ্ৰেছক আহ্বান জনায় । নগাঁৱৰ চামগুৰিত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয়," কংগ্ৰেছ দল আচলতে জনজাতি বিৰোধী হয় নে নহয় ? সোণাপুৰৰ উচ্ছেদ ন্যায়সংগতভাৱে হৈছে । কোনো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত নাগৰিক থাকিব নোৱাৰে । কংগ্ৰেছে ইয়াক বেআইনী বুলি কোৱাৰ বাবে ধিক্কাৰ দিছো । জনজাতীয় লোকসকলৰ প্ৰতি যদি অলপো মৰম আছে মই কংগ্ৰেছৰ নেতাসকলক অসমৰ সকলো জনজাতীয় লোকক ক্ষমা খুজিবলৈ অনুৰোধ জনাইছো ।"

অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ট্রেডিং কেলেংকাৰীত জড়িত কোনো ব্যক্তিকে ৰেহাই নিদিয়াৰ উদ্দেশ্যেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কেবিনেটে এই গোচৰৰ তদন্ত দেশৰ শীৰ্ষ তদন্তকাৰী সংস্থা চিবিআইক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :প্ৰসংগ উচ্ছেদ; মুখ্যমন্ত্ৰীক পুনৰ কটাক্ষ ভূপেন কুমাৰ বৰাৰ - Sonapur Eviction

ABOUT THE AUTHOR

...view details