অসম

assam

ETV Bharat / videos

'কা' বলৱৎ হ'লেও অসমলৈ এজনো বাংলাদেশী নাহে : বিমল বড়া

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 6:57 AM IST

মৰাণ, ১১ মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি পুনৰ নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাৰ্চৰ পৰা সমগ্ৰ দেশত 'কা' বলৱৎ হ'ব বুলি ঘোষণা কৰাৰ পিচত ৰাজ্যত মুৰ দাঙি উঠিছে এই আইন বিৰোধী প্ৰতিবাদ ।

নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি লোৱা নহ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে দল-সংগঠনে । ৰাজ্যত আৰম্ভ হৈছে ধাৰাবাহিক প্ৰতিবাদ । ইয়াৰ মাজতে লাহোৱালৰ এখন সভাত অংশগ্ৰহণ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কেবিনেট মন্ত্ৰী বিমল বড়াই ।

কেবিনেট মন্ত্ৰী বিমল বড়াই কয়, "কা আন্দোলন কেৱল এতিয়া ৰাজনৈতিক ইছ্য়ু । অসমলৈ এজনো বাংলাদেশী নাহে, যোৱা চাৰি বছৰৰ আগতেও অহা নাই, এতিয়াও নাহে । অসমক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ কৰা কামেই জাতীয়তাবাদ, সেই কাম ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে ।"

অসমৰ ৮৫৫ জন আন্দোলনকাৰীক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ লগ লাগি এতিয়া জাতীয়তাবাদৰ কথা কোৱা ৰাজনৈতিক দলসমূহকো তীব্ৰ সমালোচনা কৰে মন্ত্ৰী বিমল বড়াই ।

লগতে পঢ়ক : লাহোৱালত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিকাশ যাত্ৰা কাৰ্যসূচী

ABOUT THE AUTHOR

...view details