অসম

assam

ETV Bharat / videos

তিনিচুকীয়াত মন্ত্ৰী অশোক সিংহলৰ জি এছ টি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠক - Goods and Services Tax

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 8:18 PM IST

তিনিচুকীয়া, ৪ জুলাই : মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি জি এছ টিৰ স’তে জড়িত সৰু সৰু সমস্যাসমূহৰ বুজ লৈ কেবিনেটত দাখিল কৰিবলৈ বৃহস্পতিবাৰে তিনিচুকীয়াৰ কনভেনচন চেণ্টাৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷

এই সভাত তিনিচুকীয়া, ডুমডুমা, নাহৰকটীয়া, ডিগবৈ, ডিব্ৰুগড়, লখিমপুৰ আৰু ধেমাজিৰ জি এছ টিৰ স’তে জড়িত শতাধিক লোক উপস্থিত থাকে ৷ বৈঠকত উপস্থিত লোকসকলে জি এছ টিৰ স’তে জড়িত বিভিন্ন অভাৱ-অভিযোগ তথা সমস্যাসমূহ উল্লেখ কৰে ৷

উক্ত বৈঠকত অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহল বিশেষভাৱে উপস্থিত থকাৰ উপৰি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক সুৰেণ ফুকন, প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই, তিনিচুকীয়া পৌৰসভাৰ অধ্যক্ষ পবিত্ৰ গগৈ তথা বিভাগীয় বিষয়াসকল উপস্থিত থাকে  ।

লগতে পঢ়ক :জি এছ টিৰ সমস্যা : তেজপুৰত ব্যৱসায়ীৰে বৈঠক দুই মন্ত্ৰী অজন্তা নেওগ-অশোক সিংহলৰ - Ajanta Neog GST Related Meet
লগতে পঢ়ক :জি এছ টিৰ নামত জালিয়াতিৰে লুণ্ঠন কোটি টকা : ধেমাজিত ভুক্তভোগী ব্যৱসায়ীৰ ন্যায়ৰ বাবে আহ্বান - GST Fraudster Arrested in Dhemaji

ABOUT THE AUTHOR

...view details