অসম

assam

ETV Bharat / videos

জেওৰাত অবৈধভাৱে সংযোগ কৰা বিদ্যুতে প্ৰাণ ল’লে চুবুৰীয়াৰ - Man Electrocuted

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 9:58 PM IST

ডিব্ৰুগড়, 5 জুন : নাহৰকটীয়াৰ টিপামত সংঘটিত হ’ল এক হৃদয় বিদাৰক ঘটনা ৷ চোৰৰ পৰা ৰক্ষা পাবলৈ বাৰীৰ সীমাত থকা জেওৰাত সংযোগ কৰা বিদ্যুতে প্ৰাণ ল’লে এজনৰ ৷ এই ঘটনাৰ পিচতেই অঞ্চলটোত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷  

ভুক্তভোগী পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি টিপাম গাঁৱৰ নিৱাসী জিতেন্দ্ৰ সিঙে নিজৰ শাক-পাচলিৰ বাৰীখন চোৰৰ পৰা ৰক্ষা কৰিবলৈ বাৰীখনৰ সীমাত থকা জেওৰাত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি ৰাখিছিল ৷ কিন্তু আজি বুধুৰাম মুৰ্মৰ নামৰ ব্যক্তিজনে জিতেন্দ্ৰ সিঙৰ বাৰীৰ সীমাত লাগি থকা নিজৰ বাৰীখনত হাল বাবলৈ যাওঁতে বিদ্যুৎস্পৃষ্ট হৈ ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয় ৷ এই ঘটনা সংঘটিত হোৱাৰ পিচতেই বাৰীখনৰ গৰাকী জিতেন্দ্ৰ সিঙে জয়পুৰ আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে ৷

লগতে পঢ়ক : কৰ্মস্থলীৰ পৰা ৰে'লৰে ঘৰলৈ আহি থাকোতে ৰে'লতেই শেষ নিশ্বাস - BSF Jawan Of Assam Passes Away

ঘটনাৰ খবৰ ৰাজহুৱা হোৱাৰ পাচতে স্থানীয় ৰাইজে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ লগতে বাৰীখনৰ গৰাকী জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ পৰিস্থিতি উত্তপ্ত হোৱাত ঘটনাস্থলীত নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ আৰু জয়পুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম মালাকাৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়  ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে লগতে জব্দ কৰিছে বাৰীত বিদ্যুৎ সংযোগ কৰা তাঁৰসমূহ ৷ আনহাতে মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে জয়পুৰ আৰক্ষীয়ে ৷ মৃত ব্যক্তিগৰাকীৰ পৰিয়ালক উচ্চ ক্ষতিপূৰণ দিবলৈ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে দাবী জনাইছে ৷ 

লগতে পঢ়ক : কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ; নিৰ্বিকাৰ স্থিতিত বন বিভাগ - Elephant Terror In Kaliabor

ABOUT THE AUTHOR

...view details