অসম

assam

মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি (ETV Bharat Assam)

ETV Bharat / videos

মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি - INCREASE SALARY OF MINISTER AND MLA

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 10:59 PM IST

গোলাঘাট,৯ জুলাই: মন্ত্ৰী-বিধায়কৰ ৫০% দৰমহা বৃদ্ধি কৰা সিদ্ধান্তক স্বাৰ্থপৰ আৰু জাতিদ্ৰোহী কাম বুলি আখ্যা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । এই সিদ্ধান্ত তাৎক্ষণিকভাৱে বাতিলৰ দাবী সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ । কৃষক নেতাগৰাকীৰ অভিযোগ অনুসৰি বিধানসভাৰ অধ্যক্ষই তিনিজনীয়া এখন আয়োগ গঠন কৰাৰ পাচত মন্ত্ৰী, বিধায়কৰ দৰমহা ৫০% বৃদ্ধি কৰাৰ উপৰিও প্ৰাক্তন মন্ত্ৰী বিধায়কৰ পেঞ্চন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । যি সময়ত চৰকাৰী কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ পাচত নতুন পেঞ্চন নীতি অনুসৰি তেওঁলোকক পেঞ্চন প্ৰদান কৰা নহয় কিন্তু এটা বা দুটা কাৰ্যকালৰ বাবে মন্ত্ৰী, বিধায়ক হোৱা ব্যক্তিযে গোটেই জীৱন পেঞ্চন লাভ কৰিবলৈ সক্ষম হয় ।  

লগতে চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন লাভ কৰিব লাগে বুলি বিধানসভাৰ মজিয়াত বক্তব্য দিবলৈ সাহস নোহোৱা জনপ্ৰতিনিধিয়ে কি যুক্তিত বাৰে বাৰে নিজৰ দৰমহা বৃদ্ধি কৰি থাকিবলগীয়া হৈছে । ঋণৰ বোজাত পোত যোৱা চৰকাৰে বাটে-পথে বাহন ৰখাই কৰ সংগ্ৰহৰ কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্য বৃদ্ধি কৰি সাধাৰণ মানুহক জুৰুলা কৰিছে, ঠিক তেনে সময়তে ছিণ্ডিকেটৰ টকা লোৱা, মন্ত্ৰী-বিধায়কে কি যুক্তিত তেওঁলোকৰ দৰমহা ৫০% বৃদ্ধি কৰিব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই । 

লগতে পঢ়ক: শিক্ষাসেতু এপত এদিনো উপস্থিতি নথকা ৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ সম্ভাৱনা - SIKHA SETU AXOM

পেটত গামোচা বান্ধিছে ৭৭৪ গৰাকী বিষয়া-কৰ্মচাৰীয়ে, ১৪ মাহে নাই দৰমহা - Assam govt salary

ABOUT THE AUTHOR

...view details