অসম

assam

ETV Bharat / videos

ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত দুমাহেই অচল গাঁও পঞ্চায়ত - Irregularities alleged in panchayat

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 2:22 PM IST

যোৰহাট, ১৬ জুন: বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টি মৰিয়নীৰ গাঁও পঞ্চায়তত অৰাজাকতা চলি থকাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে । উক্ত অভিযোগৰ পিচতেই এই ক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । প্ৰায় দুমাহৰো অধিক সময় ধৰি অচল হৈ আছে মৰিয়নীৰ পূৱ যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৮ নং কঠালগুৰী গাঁও পঞ্চায়ত কাৰ্যালয়টো ।

লোকসভা নিৰ্বাচনৰ পিচৰে পৰাই পঞ্চায়ত সচিব, অভিযন্তাকে আদি কৰি আন কেইবাজনো কৰ্মচাৰী পঞ্চায়ত কাৰ্যালয়টোত নিয়মিতভাৱে উপস্থিত নথকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে খোদ কাৰ্যালয়ৰ চকীদাৰজনে । ইয়াৰ পিচতেই বিষয়টো বিভাগীয় মন্ত্ৰীক অৱগত কৰাত তেওঁ এই নিৰ্দেশ দিয়ে ।

ইপিনে, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে যোৰহাট জিলা খণ্ড উন্নয়ণ বিষয়াসকলৰ সৈতে পঞ্চায়তৰ বিভিন্ন কাম-কাজ সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ সময়ত কোনো শীৰ্ষ বিষয়াই ১৮ নং কঠালগুৰী গাঁও পঞ্চায়ত কাৰ্যালয়ত বিষয়া-কৰ্মচাৰী নিয়মিতভাৱে উপস্থিত নথকাৰ বিষয়ে অৱগত কৰা নাছিল বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক:Bajali new Gaon Panchyat:বজালীত অন্তৰ্ভূক্ত হ’ল চাৰিখনকৈ নতুন গাঁও পঞ্চায়ত

Gaon Panchayat President Corruption : পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে বিয়াগোম দুৰ্নীতিৰ তালিকা, তদন্তৰ নামত ভেকোভাওনা

 

ABOUT THE AUTHOR

...view details