অসম

assam

ETV Bharat / videos

বশিষ্ঠৰ পাটৰকুছিত তিনিদিনীয়াকৈ অনুস্থিত হৈছে দেহাল কাচিৰ্দম উৎসৱ - Rongker Festival Karbi

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 10:13 PM IST

গুৱাহাটী, 19 ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হ'ল অসমৰ অন্যতম ভূমিপুত্ৰ কাৰ্বিসকলৰ দেহাল কাচিৰ্দম উৎসৱ ৷ মহানগৰীৰ বশিষ্ঠ পাটৰকুছিত এইবাৰ তিনিদিনীয়াকৈ কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে কাৰ্বি দেহাল (ৰংকেৰ) কাচিৰ্দম উৎসৱ ৷ বৰ্ণাঢ্য শোভাযাত্ৰাৰে সোমবাৰে শুভাৰম্ভণি হয় এই উৎসৱৰ ৷ পাটৰকুছি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে এই উৎসৱ ৷

এই উৎসৱ উপলক্ষে বশিষ্ঠ নৈৰ জল আনি ধৰ্মীয় ৰীতি-নীতিৰে শুদ্ধি কৰে কাৰ্বিসকলে ৷ তাৰ পিচতেই 32 সংখ্যক কাৰ্বি দেহাল কাচিৰ্দম উৎসৱৰ পতাকা উত্তোলন কৰা হয় ৷  নিশালৈ অনুষ্ঠিত কৰা হৈছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে কাৰ্বি নৃত্য প্ৰতিযোগিতা ৷ কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই অনুষ্ঠানৰ সামৰণিৰ দিনটোত মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ লগতে মন্ত্ৰী পীযুষ  হাজৰীকাৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়ক উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদ্যোক্তা সকলে ৷

লগতে পঢ়ক : বাক্সাৰ শালবাৰীৰ নিমুৱাত আক্ৰাছুৰ উদ্যোগত চিলাৰায় দিৱসৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details