অসম

assam

ETV Bharat / videos

দক্ষিণ পাৰলৈ দলঙৰে নহয়, দলঙৰ কাষেৰে চলিছে কমলাবাৰীলৈ ফেৰী - MAJULI RAAS PREPARATION

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 6:06 PM IST

মাজুলী: সমাগত মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ । ৰাস মহোৎসৱক লৈ উখল-মাখল পৰিবেশে বিৰাজ কৰিছে সত্ৰপীঠ মাজুলীত । ৰাস প্ৰদৰ্শনৰ বাবে সাজু হৈ উঠিছে ১২ খনকৈ সত্ৰৰ লগতে অৰ্দ্ধ শতাধিক ৰংগমঞ্চ । ৰাস মহোৎসৱভাগি সুন্দৰভাৱে আয়োজন কৰিবলৈ সাজু হৈছে মাজুলী জিলা প্ৰশাসন । ৰাস মহোৎসৱৰ পূৰ্বে ৰাস দর্শনাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ । দক্ষিণ পাৰলৈ দলঙৰে নহয়, দলঙৰ কাষেৰে আজিৰে পৰা চলিছে ফেৰী । কমলাবাৰীৰ পূৰ্ব স্থানত জলস্তৰ হ্ৰাস পোৱাত দক্ষিণপাট দলঙৰ সমীপত আৰম্ভ হৈছে কমলাবাৰী ফেৰী ঘাট ।  

যোৰহাট-মাজুলী দলঙৰ খুঁটাৰ কাষেৰে নিৰ্মাণ কৰা হৈছে পথ । বুধবাৰে পুৱা এই ঘাটৰ শুভ উদ্বোধন কৰে বিধায়ক ভুৱন গামে । অফলামুখ-নিমাতী ঘাটৰ ফেৰীৰ নিৰিখৰ মতে চলাচল কৰিব বৰ্তমানৰ দক্ষিণপাট-নিমাতী ফেৰী । বিগত ডেৰ মাহে কমলাবাৰীৰে বন্ধ হৈ থকা জাহাজ আজিৰে পৰা পুনৰ আৰম্ভ হৈছে । ৰাসৰ সময়ত নাথাকিব অনলাইন টিকটৰ ব্যৱস্থা । অফলাইন টিকট ব্যৱস্থাৰে আধাঘণ্টাৰ মূৰে মূৰে চলিব ফেৰী । 

লগতে পঢ়ক: ৰাসৰ বাবে বিশেষ ব্যৱস্থা: সলনি হ'ব মাজুলী-যোৰহাট সংযোগী ফেৰী ঘাট

বৰ্ণাঢ্য আয়োজনেৰে হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

ABOUT THE AUTHOR

...view details