অসম

assam

ETV Bharat / videos

বানৰ তাণ্ডৱ হ্ৰাস : গোলাঘাটত প্ৰাদুৰ্ভাৱ বৃদ্ধি জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ - JAPANESE ENCEPHALITIS

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 4:18 PM IST

গোলাঘাট, 18 জুলাই: সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাতো জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে বহু লোক ৷ জিলাখনত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমান সময়লৈকে প্ৰায় 55 গৰাকী লোক জাপানীজ এনকেফেলাইটিছৰ লগতে একে লক্ষণ থকা ৰোগত আক্ৰান্ত হোৱাৰ কথা জানিব পৰা গৈছে ৷

গোলাঘাটৰ যুটীয়া স্বাস্থ্য সঞ্চালক ৰঞ্জিত ভূঞাই সদৰী কৰা অনুসৰি, জিলাখনৰ মুঠ 9 গৰাকী লোকহে কেৱল জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ৷ জিলাখনৰ সৰুপথাৰ, মৰঙী, কমাৰবন্ধা আলি আৰু চাৰিঙীয়া অঞ্চলৰ বাসিন্দাসকলৰ মাজতে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰোপৰি ডেংগু ৰোগতো বৰ্তমানলৈকে 25 গৰাকী লোক আক্ৰান্ত হৈছে ৷ চিকিৎসা গ্ৰহণৰ অন্তত সম্প্ৰতি আটাইকেইজন লোকেই সুস্থ বুলি ঘোষণা কৰিছে জিলা স্বাস্থ্য বিভাগে ৷

আনহাতে, মেলেৰিয়া ৰোগতো আক্ৰান্ত হৈছে জিলাখনৰ 3 গৰাকী লোক, যিসকল জিলাখনৰ বাহিৰৰ পৰা অহা ৷ ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বানপীড়িত অঞ্চলসমূহত যাৱতীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি তাৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ৷ স্বাস্থ্য বিভাগে সকলো লোককে আতংকিত নহৈ সজাগ হোৱাৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক: কালৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে; জি এম চি এইচত চলিত বৰ্ষত ৬ জন ৰোগীৰ মৃত্যু - Japanese Encephalitis

ABOUT THE AUTHOR

...view details