অসম

assam

ETV Bharat / videos

আৱিৰৰ ৰঙেৰে ৰঙীন মাজুলীৰ আকাশ-বতাহ - assam holi celebration - ASSAM HOLI CELEBRATION

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 3:51 PM IST

মাজুলী, 26 মাৰ্চ : সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰপীঠ মাজুলীতো ফাকুৱাৰ আনন্দ দেখিবলৈ পোৱা গৈছে । কণ-কণ ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ সকললৈকে সকলো হোলীৰ আনন্দত মতলীয়া । এয়া মাজুলীৰ চামগুৰি সত্ৰৰ দৃশ্য । হোলীক লৈ ঐতিহাসিক সত্ৰখনত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । চামগুৰি সত্ৰত আধ্যাত্মিক পৰিৱেশৰ মাজেৰে পালন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা । ফল্গু উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে সাংস্কৃতিক কাৰ্যসূচী । মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰত সাত সাগৰ তেৰ নদী পাৰ হৈ আহি হোলী উৎসৱত অংশগ্ৰহণ কৰে বিদেশী পৰ্যটকে ।

এইবাৰ মাজুলীত তিনিদিনীয়াকৈ পালন কৰা হৈছে ফাকুৱা উৎসৱ । দক্ষিণপাট ,নতুন চামগুৰি সত্ৰ, নৰসিংহ সত্ৰ, বেঙেনাআটী সত্ৰ, গড়মূৰ সত্ৰত পালন কৰা হয় ফল্গু উৎসৱ । এককথাত ক’বলৈ গ'লে আৱিৰৰ ৰঙেৰে ৰঙীন হৈ আছে মাজুলীৰ আকাশ বতাহ ।

লগতে পঢ়ক : হোলীগীতৰ লহৰত বুৰ গ'ল সত্ৰনগৰী বৰপেটা - DOUL FESTIVAL IN BARPETA

ABOUT THE AUTHOR

...view details