অসম

assam

ETV Bharat / videos

ৰহাত ডুগডুগী ফাউণ্ডেশ্যনৰ প্ৰথম বৰ্ষপুৰ্তি অনুষ্ঠান - DOOGDOOGI FOUNDATION ANNIVERSARY

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 8:24 AM IST

ৰহা, 16 জুন : শনিবাৰে ৰহাত ডুগডুগী ফাউণ্ডেশ্যনৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত সুকন্নানি ওজাপালিৰ সাধক তথা দেওধনি নৃত্যৰ ওজা পদ্মশ্ৰী সন্মান আৰু ৰাজ্য চৰকাৰৰ অসম গৌৰৱ বঁটাপ্ৰাপক মংগলদৈ চিপাঝাৰৰ দ্ৰোণ ভূঞালৈ আগবঢ়োৱা হৈছে ‘‘ডুগডুগী অসম গৌৰৱ বঁটা 2024’’ ।

কেঁচা সোণৰ গহণাৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠান নগাঁৱৰ ডুগডুগী ফাউণ্ডেশ্যনে প্ৰথমবাৰৰ বাবে আগবঢ়াইছে এই সন্মানীয় বঁটা । শনিবাৰে ৰহাত অনুষ্ঠিত ডুগডুগী ফাউণ্ডেশ্যনৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত ওজাপালিৰ বিশেষজ্ঞগৰাকীক ফাউণ্ডেশ্যনৰ হৈ এই বঁটা প্ৰদান কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ।

বঁটা গ্ৰহণ কৰি দ্ৰোণ ভূঞাই ডুগডুগী ফাউণ্ডেশ্যনৰ কাৰ্য কলাপক প্ৰশংসা কৰে । গাম্ভীৰ্যপূৰ্ণ এই বঁটা প্ৰদান অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা ৰাজ্যৰ ৩৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে চলিত বৰ্ষত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা ৰহা অঞ্চলৰ গৰাকী ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

এই বৰ্ষপূৰ্তি অনুষ্ঠানতে ডুগডুগী ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী তথা কবি-সাহিত্যিক উৎপল বনিয়াৰ ‘‘আকাশ চুবলৈ মন’’ শীৰ্ষক কাব্যগ্ৰন্থ আৰু ‘‘অসমীয়া গহনা গাঁঠৰিৰ বুৰঞ্জী’’খনৰ তৃতীয় সংস্কৰণ উন্মোচন কৰা হয় । গ্ৰন্থখন দুখন উন্মোচন কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কজ্যোতি মহন্ত আৰু চিন্তাবিদ প্ৰদ্যুন্ম গোস্বামীয়ে ।

লগতে পঢ়ক: ডুগডুগীৰ অসম কন্যাৰ খিতাপ লাভ লখিমপুৰৰ জুমি চৌধুৰীৰ

ABOUT THE AUTHOR

...view details