অসম

assam

ETV Bharat / videos

আন্তঃৰাষ্ট্ৰীয় থাই মাৰ্চিয়েল আৰ্ট গেমছত পদক বিজয়ী অসমৰ খেলুৱৈক সম্বৰ্ধনা

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 9:09 PM IST

যোৰহাট, ২০ মাৰ্চ: যোৱা ৯ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ থাইলেণ্ডৰ ফুকেত অনুষ্ঠিত জিৎ কুনেডু ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় থাই মাৰ্চিয়েল আৰ্ট গেমছ ২০২৪ ত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰা যোৰহাট জিলাৰ তিতাবৰৰ দুগৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা প্ৰতিভাসম্পন্ন খেলুৱৈ আচফাক আহমেদে স্বৰ্ণ আৰু যদু গগৈয়ে ৰূপৰ পদক অৰ্জন কৰে । এই বিজয়ত উফুল্লিত হৈ পৰিছে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী ৰাইজ । বিদেশৰ মাটিত জন্মভূমিৰ নাম উজলাই তোলা খেলুৱৈ দুগৰাকী আজি মৰিয়নী ৰে'ল ষ্টেচনত উপস্থিত হোৱাত তিতাবৰৰ অসংখ্যক ক্ৰীড়াপ্ৰেমীয়ে ৰেলীৰে মৰিয়নী পৰা তিতাবৰলৈ আদৰি আনে ।  

তিতাবৰৰ গুদু বিবাহ ভৱনৰ প্ৰাঙ্গনত অনুষ্ঠিত এখন সভাত তিতাবৰ সামাজিক আৰু ৰাজনৈতিক বিভিন্ন দল-সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানে পদক বিজয়ী খেলুৱৈ দুগৰাকী সম্বৰ্ধনা জনায় । উল্লেখ্য যে অসমৰ পৰা তিনি গৰাকী খেলুৱৈৰ লগতে দেশৰ ৩৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাত ৬৮ খন দেশে অংশগ্ৰহণ কৰে । আনহাতে, থাইলেণ্ডত খেলুৱৈসকলে পৰ্যাপ্ত আহাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উথাপন কৰে খেলুৱৈসকলে ।

লগতে পঢ়ক:২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

ABOUT THE AUTHOR

...view details