প্ৰৱল ধুমুহা-বৃষ্টিপাতত বিস্তৰ ক্ষতিসাধন, ব্যাহত বিদ্যুৎ যোগান - Storm wreak havoc in Moran - STORM WREAK HAVOC IN MORAN
Published : May 24, 2024, 7:28 PM IST
মৰাণ, 24 মে’ : উৎকট গৰমৰ মাজতে ধুমুহা, বৰষুণৰ তাণ্ডৱ ৷ ধুমুহাত গৃহহীন কেইবাটাও পৰিয়াল ৷ ধুমুহাই বাসগৃহৰ উপৰিও শাক-পাচলিৰ বাৰীৰ ক্ষতিসাধন কৰে ৷ লগতে ব্যাহত হৈছে বিদ্যুৎ যোগান ৷
শুকুৰবাৰে পুৱতি নিশা অহা এজাক প্ৰৱল ধুমুহা আৰু বৃষ্টিপাতৰ ফলত ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত গজপুৰীয়া অঞ্চলৰ কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ ধুমুহাই কেইবাটাও পৰিয়ালৰ বাসগৃহৰ টিন উৰুৱাই নিয়াৰ ফলত গৃহহীন হৈ পৰিছে পৰিয়ালসমূহ ৷
পুৱতি নিশা অহা ধুমুহাজাকত 1 নং গজপুৰীয়াৰ বহুসংখ্যক পৰিয়ালৰ বাসগৃহৰ লগতে বাৰীৰ মূল্যবান গছ-গছনি, শাক-পাচলিৰ বিস্তৰ ক্ষতিসাধন হয় ৷ গছ বাগৰি বৈদ্যুতিক তাঁৰ ছিগি যোৱাৰ ফলত সমগ্ৰ অঞ্চলটোতে পুৱাৰে পৰা বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে ৷
লগতে পঢ়ক : উৎকট গৰম : শুকুৰবাৰে গুৱাহাটীত বছৰটোৰ সৰ্ব্বোচ্চ তাপমাত্ৰা - Weather Forecast Of Assam