অসম

assam

ETV Bharat / videos

২০২৫ বৰ্ষৰ গুণোৎসৱত ইউনিফৰ্মৰ নম্বৰো সংযোজিত হ’ব: শিক্ষামন্ত্ৰী - Ranoj Pegu on Gunotsav 2025

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 1:27 PM IST

ধেমাজি, ২৪ জুলাই: ২০২৫ বৰ্ষত হ’বলগীয়া গুণোৎসৱক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । মঙলবাৰে চিচিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ শিক্ষামন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত কয়, "২০২৫ বৰ্ষৰ গুণোৎসৱত ইউনিফৰ্মৰ নম্বৰ সংযোজিত হ’ব ৷ যিসমূহ বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে যথোপযুক্ত পইচা দিয়াৰ পিচতো নিম্ন মানৰ ইউনিফৰ্ম ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিছে তেনে বিদ্যালয়ে গুণোৎসৱত পাবলগীয়া নম্বৰ লাভ নকৰিব ৷ "

পূৰ্বৰ দৰেই অন্যান্য দিশ সমূহ অহাবাৰো অব্য়াহত থাকিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰী কৰে । শিক্ষামন্ত্ৰীগৰাকীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত মন্তব্য় কৰি কয়, "নতুন শিক্ষানীতিৰ অধীনত ইতিমধ্যে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক নৱৰূপ দিয়াৰ প্ৰচেষ্টা চলোৱা হৈছে ।" এই নতুন শিক্ষানীতিৰ অধীনতেই আঠ কোটি ব্যয় কৰি  চিচিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ কৰা হ’ব বুলি তেওঁ মন্তব্য় কৰে । এই উদ্দেশ্য়েই শিক্ষামন্ত্ৰী গৰাকীয়ে বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে নতুন ভৱনৰ স্থান পৰিদৰ্শন কৰে ৷  

লগতে পঢ়ক:পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীকো প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা: ডাঃ ৰণোজ পেগু - Anandaram Baruah award

PRC ক লৈ পয়মাল ! চৰকাৰৰ অনুমতিবিহীন নিৰ্দেশনা দি পুনৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল উচ্চ শিক্ষা সঞ্চালকালয় - Ranoj Pegu on DHE order

ABOUT THE AUTHOR

...view details