অসম

assam

ETV Bharat / videos

কাছাৰত আশ্ৰয় গ্ৰহণ কৰা মণিপুৰী শৰণাৰ্থীসকলৰ কাষত কংগ্ৰেছ নেতা ৰাহুল গান্ধী - MP Rahul Gandhi in Silchar

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 2:30 PM IST

শিলচৰ, 8 জুলাই: সোমবাৰৰ পুৱাই অসমত আহি উপস্থিত হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পৰিদৰ্শন কৰিলে কাছাৰৰ ফুলেৰতলস্থিত আশ্ৰয় শিবিৰ । গোষ্ঠী সংৰ্ঘষৰ ফলত মণিপুৰত সৃষ্টি হোৱা অৰাজক পৰিৱেশৰ বাবে কাছাৰলৈ পলায়ন কৰা আৰু আশ্ৰয় গ্ৰহণ কৰা মণিপুৰৰ বাসিন্দাসকলৰ সমস্যা-অসুবিধাৰ বুজ লয় কংগ্ৰেছ সাংসদগৰাকীয়ে । সাংসদগৰাকীয়ে শৰণাৰ্থীসকলৰ লগত বহি দীৰ্ঘসময় মত বিনিময় কৰে । 

আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাৰ পাচতে সাংসদগৰাকী মণিপুৰৰ জিৰিবামৰ উদ্দেশ্যে ৰাওনা হয় । উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছ সাংসদগৰাকী আজি মণিপুৰত উপস্থিত হোৱাৰ পূৰ্বে সোমবাৰৰ পুৱতি নিশা গুলীয়াগুলীক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছিল অগ্নিগৰ্ভা মণিপুৰ ৷ 

শিলচৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পাচতে চলিত বানত ৰাজ্যবাসীয়ে সন্মুখীন হোৱা দুৰ্যোগপূৰ্ণ অৱস্থাৰ লগতে ক্ষয়-ক্ষতি সম্বন্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা সমন্বিতে কেবাগৰাকীও নেতাই ৰাহুল গান্ধীক এক প্ৰতিবেদন দাখিল কৰে ৷

লগতে পঢ়ক: আশ্ৰয় শিবিৰ পৰিদৰ্শনৰ লগতে মণিপুৰ সন্দৰ্ভত ৰাজ্যপাল উইকীৰে আলোচনাত বহিব ৰাহুল গান্ধী - Rahul Gandhi NE visit

শিলচৰ বিমানবন্দৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী; পোনে পোনে ৰাওনা মণিপুৰলৈ - Rahul Gandhi’s Visit To Manipur

ABOUT THE AUTHOR

...view details