অসম

assam

ETV Bharat / videos

প্ৰাৰ্থী ঘোষণা হোৱাই নাই; বিহালীত সদলবলে প্ৰচাৰত নামিল গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : 5 hours ago

বিশ্বনাথ: অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । এই উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে তীব্ৰ প্ৰচাৰ অভিযান । শাসকীয় বিজেপিৰ লগতে কংগ্ৰেছেও আধিপত্য় বিস্তাৰৰ বাবে যুঁজত নামিছে । ৪ খন আসনত কংগ্ৰেছে নিজা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলেও দোদুল্যমান স্থিতিত আছে বিহালী সমষ্টি । অৱশ্য়ে কংগ্ৰেছে নিজা প্ৰাৰ্থী এই সমষ্টিটোত ঘোষণা নকৰিলেও চলাইছে প্ৰচাৰ ।

লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে বিহালীত প্ৰচাৰ ৰেলীত অংশগ্ৰহণ কৰি শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । বিহালী সমষ্টিৰ আসনখন অসম সন্মিলিত মঞ্চই দাবী কৰি আছে যদিও বৰ্তমানলৈ কোনো দলে সিদ্ধান্ত ল'ব পৰা নাই । সাংসদগৰাকীয়ে কয় যে বিহালী সমষ্টিত বিজেপিয়ে শক্তি দেখুৱাই আছে যদিও ভিতৰি ভিতৰি ইমান শক্তিশালী নহয় । 

লগতে পঢ়ক:বিহালীত কোনে যুঁজিব বিজেপিৰে ? কংগ্ৰেছক বান্ধি দিলে সময়সীমা

আভ্যন্তৰীণ কন্দলে বিপাঙত পেলাব নেকি কংগ্ৰেছক ?

ABOUT THE AUTHOR

...view details