অসম

assam

ETV Bharat / videos

জোনাইত 'শিশু অধিকাৰ সপ্তাহ-২০২৪' উদযাপন - CHILDRENS DAY 2024

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 8:33 PM IST

জোনাই: সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ জোনাইতো জোনাই আৰক্ষী থানাৰ উদ্যোগত অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত শুকুৰবাৰে উদযাপন কৰা হয় 'শিশু অধিকাৰ সপ্তাহ-২০২৪' । জোনাই আৰক্ষী থানা পৰিচালনা সমিতিৰ উপদেষ্টা চাপ্পু চাহুৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত জোনাই থানাৰ আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰ আৰু জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপেন্দ্ৰ চেত্ৰীয়ে শিশুসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ।  

ভাষণ প্ৰসংগত আৰক্ষী বিষয়া দুগৰাকীয়ে শিশুসকলৰ অধিকাৰৰ সুৰক্ষা, শিশুসকলক সুৰক্ষিত আৰু ভাল পৰিৱেশ প্ৰদান কৰা, শিশু অধিকাৰৰ বিষয়ে সচেতনতা সৃষ্টি কৰা, শিশু শ্ৰমিক নিয়োগ কৰাৰ পৰা বিৰত থকা, শিশুসকলক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা, শিশু-বান্ধৱ সমাজ গঠন কৰা আদিৰ উপৰিও তেওঁলোকৰ অধিকাৰ সম্পৰ্কে জনচেতনতা বৃদ্ধি কৰা, পৰামৰ্শ শিবিৰ আদি বিভিন্ন বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । ইয়াৰ উপৰিও এই শিশু অধিকাৰ সপ্তাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰা কণ কণ শিশুসকলৰ মাজত কবিতা আবৃত্তি, গীত আদি বিভিন্ন শিক্ষামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক: 'ফুলনি' ত এজাক কণমানি: শিশু দিৱসৰ ব্যতিক্ৰমী চিন্তা

এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ওমলিল এটা প্ৰকাণ্ড গঁড়ৰ সৈতে

ABOUT THE AUTHOR

...view details