অসম

assam

অবড়ো সুৰক্ষা সমিতিৰ তিনি শতাধিকৰ ইউপিপিএলত যোগদান - UPPL Joining Meeting

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 9:19 PM IST

বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়ো (ETV Bharat Assam)

বাক্সা, ৪ আগষ্ট: বাক্সা জিলাৰ বৰমাত দেওবাৰে ইউপিপিএল দলৰ বৃহৎ যোগদান সভা অনুষ্ঠিত হয় । এই সভাত অবড়ো নেতা অজয় দাসসহ দলটোৰ তিনি শতাধিকে ইউপিপিএলত যোগদান কৰে । এই যোগদান সভাতেই বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে বিজেপিৰ সৈতে ইউপিপিএলৰ মিত্ৰতা অব্য়াহত থকা বুলি উল্লেখ কৰি কয়,"বিটিআৰত বিজেপিৰ সৈতে ইউপিপিএলৰ মিত্ৰতা অক্ষুন্ন  আছে ।" বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য়গৰাকীয়ে পুনৰ কয়, বিজেপিৰ কাৰ্যকালত সমগ্ৰ দেশৰ লগতে বিটিআৰত ক্ষিপ্ৰ উন্নয়ন হৈছে ।

আজিৰ এই যোগদান কাৰ্যসূচীত বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য়গৰাকীৰ লগতে কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক ভূপেন বড়ো, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী, ই এম ৰাকেশ ব্ৰহ্ম, মণ্টু বড়োকে আদি কৰি কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতা । যি সময়ত বিটিআৰত ২০২৫ ৰ বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিজেপিয়ে আগ্ৰাসন হোৱা বুলি চৰ্চা চলিছে সেই সময়তে আজি এই কথা নস্যাৎ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ।  

লগতে পঢ়ক:ইউ পি পি এলত চন্দন ব্ৰহ্মৰ যোগদানে ক্ষতি কৰিব বি পি এফক : প্ৰমোদ বড়ো - Pramod Boro slams Hagrama Mohilary

আক্ৰাছুৰ প্ৰাক্তন সভাপতি অৰুণ ৰায়সহ ৩২ সদস্য়ৰ ইউপিপিএলত যোগদান - UPPL Joining Meeting

ABOUT THE AUTHOR

...view details