পথত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰেই ব্য়ৱসায়ীৰ বাবে হ'ল কাল - Man Electrocuted - MAN ELECTROCUTED
Published : Jun 9, 2024, 9:20 PM IST
বাক্সা, ৯ জুন: আন দিনাৰ দৰে দেওবাৰে পুৱাই বৰমাৰ সাপ্তাহিক বজাৰলৈ ওলাই গৈছিল বাক্সা জিলাৰ শ্ৰীপুৰ দেওৰৰ ব্যৱসায়ী নিতুল ৰয় আৰু দেৱজিৎ ৰয় । এই পথতেই যে আছে জীৱনৰ শেষযাত্ৰা সেয়া হয়তো জনা নাছিল নিতুল ৰয়ে ।
বৰমাৰ সাপ্তাহিক বজাৰলৈ মটৰ চাইকেলেৰে গৈ থাকোতেই জাখৈকোনাত মুছলপুৰ-বৰমা পথত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত মটৰ চাইকেলখন স্পৰ্শ হোৱাৰ লগে লগে মৃত্য়ু কোলাত ঢলি পৰে নিতুল । এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দেৱজিৎ ৰয় । নিশা ধুমুহাৰ ফলত গছ বাগৰি বিদ্যুতৰ খুঁটা ভাঙি তাঁৰ পৰি আছিল পথত । মুষলধাৰ বৰষুণৰ মাজতেই মটৰ চাইকেলেৰে বৰমা বজাৰলৈ গৈ থকা অৱস্থাতেই বিদ্যুৎপৃষ্ট হৈ এই ঘটনাটো সংঘটিত হয় ।
ইয়াৰ পিচতেই দেৱজিৎ ৰয়ক সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে গুৱাহাটীলৈ চিকিৎসাৰ বাবে নিয়ে । ব্যৱসায় কৰি কোনোমতে পৰিয়ালটোক পোহপাল দিয়া নিতুল ৰয়ৰ মৃত্য়ুৰ লগে লগে পৰিয়ালটোৰ সদস্য়সকলৰ জীৱনলৈ নামি আহিল অমানিশা ।