অসম

assam

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 10:55 PM IST

ETV Bharat / videos

বাঁওহাতে লিখি দিম ভূপেন বৰাৰ ৰাজনৈতিক কেৰিয়াৰ একেবাৰে নিঃশেষ: ৰূপজ্যোতি কুৰ্মী - Lok Sabha Election 2024

যোৰহাট, 27 মাৰ্চ : "ভূপেন বৰাই বৰ বৰ কথা কৈ লাভ নাই ৷ বাঁওহাতে লিখি দিম ভূপেন বৰাৰ ৰাজনৈতিক কেৰিয়াৰ একেবাৰে নিঃশেষ ৷ এইবাৰ হৰাৰ পিচত জোৰ-জবৰদস্তি তেওঁক দুচাটমান দি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা আঁতৰ কৰিব ৷" এই মন্তব্য মৰিয়নী সমষ্টিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মনোনয়ন দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য বিধায়কজনৰ ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰি ৰূপজ্যোতি কুৰ্মীয়ে তেওঁক বিহপুৰীয়া সমষ্টিত পঞ্চায়তৰ টিকট লৈ জিকি দেখাবলৈ প্ৰত্যাহ্বান জনায় ৷ লগতে ভূপেন বৰাই পঞ্চায়তৰ সভাপতি বাদেই ৱাৰ্ড মেম্বাৰো নিজিকিব বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ ইফালে কংগ্ৰেছ কৰ্মীসকলক পাৰিলে কুম্ভকৰ্ণ নিদ্ৰাত যাওক, স্বাস্থ্য ভালে ৰাখক, ব্যায়াম কৰক বুলি পৰামৰ্শ দি আৰু 20-25 বছৰলৈ ৰাজ গাদী, মন্ত্ৰী-বিধায়ক হোৱাৰ সপোন দেখি লাভ নাই বুলি মন্তব্য কৰে বিধায়কজনে ৷  

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ চাৰি লাখ ভোটত জয়লাভ কৰিব বুলি দাবী কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ 

লগতে পঢ়ক : অসমৰ ৰাজনীতিত ফুটবল কোন ? ভৰত নৰহ উভটি আহিব নেকি ? ই টিভি ভাৰতৰ সমুখত অখিল গগৈৰ বিস্ফোৰণ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details