বুজন পৰিমাণৰ ড্ৰাগছসহ জালত পৰিল সৰবৰাহকাৰী - DRUGS SEIZED IN CACHAR
Published : 9 hours ago
কাছাৰ: কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত । পুনৰ কাছাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এটা সৰবৰাহকাৰী । গোপন সূত্ৰৰ ভিত্তিত নিশা কাছাৰৰ শিলকুৰি অঞ্চলত STF ৰ IGP পাৰ্থ সাৰথি মহন্ত আৰু কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই এখন বাইকৰ পৰা প্ৰায় ৬০ হাজাৰ য়াবা টেবলেটসহ ১২৫ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰে । লগতে অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে চাহিল হুছেইন নামৰ কাছাৰৰ কাবুগঞ্জৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক ।
ধৃত যুৱকজনে AS-11-AA-9625 নম্বৰৰ এখন বাইকেৰে বুজন পৰিমাণৰ এই ড্ৰাগছখিনি সৰবৰাহ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে STF আৰু কাছাৰ আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ যুৱকজনক গ্ৰেপ্তাৰ কৰে । জব্দ হোৱা ড্ৰাগছ খিনিৰ চোৰাং বজাৰ মূল্য ২০ কোটি টকা হ'ব বুলি জানিবলৈ দিয়ে IGP পাৰ্থ সাৰথি মহন্তই ।
লগতে তেওঁ জনায় যে বুজন পৰিমাণৰ এই ড্ৰাগছখিনি চুবুৰীয়া ৰাজ্যৰ পৰা লৈ অনা হৈছিল আৰু কাছাৰৰ মাজেৰে বহিঃৰাজ্যত সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল । সমগ্ৰ ঘটনা লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জনায় IGP পাৰ্থ সাৰথি মহন্তই ।