অসম

assam

ETV Bharat / videos

বাজেটক নিৰ্বাচনমুখী বাজেট আখ্যা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 5:37 PM IST

ধেমাজি,১৩ ফেব্ৰুৱাৰী: সোমবাৰে বিধান সভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৪-২৫ বৰ্ষৰ বাজেট ৷ এই বাজেটক লৈ শাসক পক্ষৰ বাহিৰে বিভিন্ন দল-সংগঠনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ এইক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইখন বাজেট নিৰ্বাচনমুখী বাজেট হিচাপে অভিহিত কৰি এই বাজেটৰ পৰা সৰ্বসাধাৰণ ৰাইজৰ কোনো লাভালাভ নহয় বুলি ইটিভিৰ ভাৰতৰ আগত ব্যক্ত কৰে ৷ তদুপৰি নিবনুৱাক নিযুক্তি লৈ ৫ শতাংশ নম্বৰ বঢ়াই দি চাকৰি পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া কাৰ্যকো তীব্ৰ সমালোচনা কৰে ৷  

কিয়নো ১৮ লক্ষাধিক নিবনুৱাই ভৰি থকা ৰাজ্যৰ পৰিয়ালত চাকৰি নথকা পৰায়াল চিনাক্ত কৰাটোও এক কঠিন বুলি কয় ৷ আনহাতে একাংশ পৰিয়ালত এঘৰতে পিতৃ-মাতৃৰ লগতে সকলো সন্তানৰো চাকৰি হৈ জয়ময় হৈ থকাৰ সময়তে আনফালে দৰিদ্ৰতাই কোঙা কৰা চাকৰিবিহীন একাংশ নিবনুৱা পৰিয়ালে হতাশাৰ মাজেৰে দিন অতিবাহিত কৰি আছে ৷ সেয়ে এইসকল বঞ্চিত নিবনুৱাই ৫ শতাংশৰ জৰিয়তে যে উপকৃত হ'ব তাক হাস্যকৰ বুলি কটাক্ষ কৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে ৷  

লগতে পঢ়ক: অমৃত কালৰ সন্তানৰ বাবে অমৃত কালৰ আইকনিক প্ৰজেক্ট আছে বাজেটত : মুখ্যমন্ত্রী

ABOUT THE AUTHOR

...view details