ETV Bharat / international

লেবাননত ইজৰাইলৰ আক্ৰমণ; হিজবুল্লাহৰ মিডিয়া প্ৰমুখকে ধৰি ১১ জন নিহত, বহু আহত - ISRAELI ATTACK IN LEBANON

লেবাননত অব্যাহত ইজৰাইলৰ আক্ৰমণ । হিজবুল্লাহৰ দুৰ্গত হোৱা আক্ৰমণত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৮ জন আহত হয় ।

Israeli attack in lebanon hezbollah media chief several others dead and injured
ইজৰাইলীৰ আক্ৰমণ (IANS)
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2024, 9:01 AM IST

টেল আভিভ : লেবাননৰ দক্ষিণৰ টায়াৰ অঞ্চলত ইজৰাইলৰ আক্ৰমণত ১১ জন লোক নিহত হোৱাৰ লগতে বহু সংখ্যক আহত হৈছে ৷ লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য । একে সময়তে দেওবাৰে হিজবুল্লাহৰ সংবাদ মাধ্যমৰ মুৰব্বী মহম্মদ আফিফৰ মৃত্যুৰ বাতৰিও পোহৰলৈ আহিছে ।

লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰে যে টাইৰ জিলাৰ গাঁওসমূহত ইজৰাইলী শত্ৰুৰ আক্ৰমণত এঘাৰজন লোক নিহত হোৱাৰ লগতে ৪৮ জন আহত হৈছে । উক্ত অঞ্চলটো ইৰাণ সমৰ্থিত হিজবুল্লাহৰ দুৰ্গ বুলি বিবেচিত ।

Times of Israel ৰ বাতৰি অনুসৰি, দেওবাৰে লেবাননৰ ৰাজধানী বেইৰুটত ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ সংবাদ মাধ্যমৰ মুৰব্বী মহম্মদ আফিফ নিহত হয় । প্ৰতিবেদন অনুসৰি, হিজবুল্লাই মহম্মদ আফিফৰ মৃত্যু নিশ্চিত কৰিছে । মধ্য বেইৰুটৰ ছিৰিয়াৰ বায়াথ পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আইডিএফৰ আক্ৰমণত আফিফ নিহত হয় বুলি জানিব পৰা গৈছে ।

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়েও (Israel Defense Forces চমুকৈ IDF) হিজবুল্লাহৰ সংবাদ মাধ্যমৰ মুৰব্বীক হত্যা কৰাটো নিশ্চিত কৰিছে । Al Jazeera ৰ মতে, আফিফে হিজবুল্লাহৰ হৈ কেইবাখনো সংবাদমেল অনুষ্ঠিত কৰিছিল । ইয়াত ইজৰাইলৰ বোমা বিস্ফোৰণৰ বিষয়ে তথ্য দিয়া হৈছিল । আফিফে কেইবাবছৰ ধৰি হিজবুল্লাহৰ আল-মানাৰ টেলিভিছন ষ্টেচন (Al-Manar television station) পৰিচালনা কৰিছিল আৰু তাৰ পিছত তেওঁ সশস্ত্ৰ গোটটোৰ শীৰ্ষ সংবাদ মাধ্যমৰ সম্পৰ্ক বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ।

প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ আফিফে সাংবাদিকৰ আগত দিয়া এক বিবৃতিত উল্লেখ কৰে যে ইজৰাইলৰ বিৰুদ্ধে যুঁজিবলৈ হিজবুল্লাহৰ হাতত যথেষ্ট অস্ত্ৰ-শস্ত্ৰ আছে । ইজৰাইলে হিজবুল্লাহৰ নেতৃত্বক নিৰ্মূল কৰিবলৈ অহৰহ আক্ৰমণ চলাই আছে । এই ক্ষেত্ৰত ইয়াক এক ডাঙৰ কৃতিত্ব হিচাপে দেখা গৈছে ।

ইয়াৰ পূৰ্বে লেবাননস্থিত গোটটোৱে হাশ্বেম ছাফিদীনক নিজৰ মুৰব্বী হিচাপে ঘোষণা কৰাৰ পিছত ইজৰাইলে হিজবুল্লাহ নেতা হাছান নাছৰল্লাক হত্যা কৰিছিল । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ঘৰত ফ্লেয়াৰ নিক্ষেপ কৰাৰ অপৰাধত তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ হৈছে । শনিবাৰে নিশা চিজাৰিয়াত থকা নেতানিয়াহুৰ ব্যক্তিগত ঘৰত দুটা ফ্লেয়াৰ নিক্ষেপ কৰি ঘৰৰ চোতালত পৰি যায় ।

অৱশ্যে এই ঘটনাৰ সময়ত নেতানিয়াহু আৰু তেওঁৰ পৰিয়াল ঘৰত নাছিল । চলিত বৰ্ষৰ অক্টোবৰৰ আৰম্ভণিতে নেতানিয়াহুৰ ব্যক্তিগত বাসগৃহত হিজবুল্লাহৰ ড্ৰ’নে আক্ৰমণ কৰিছিল । ইজৰাইলৰ সংবাদ মাধ্যমত প্ৰকাশিত ফটোত দেখা গৈছে যে ড্ৰ’নখন আক্ৰমণ কৰা শোৱা কোঠাৰ খিৰিকীৰ কিছু অংশত ফাঁট মেলিছে । কিন্তু ভিতৰলৈ সোমাব নোৱাৰিলে । খিৰিকীখন সম্ভৱতঃ কঠিন কাঁচৰ আৰু ইয়াত অন্যান্য নিৰাপত্তা ব্যৱস্থা আছে বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰাজিলত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.