তিনিচুকীয়াত অৰুণাচল ভৱন উদ্বোধন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ - Arunachal Bhawan in Tinsukia - ARUNACHAL BHAWAN IN TINSUKIA
Published : Aug 28, 2024, 10:56 PM IST
তিনিচুকীয়া, ২৮ আগষ্ট : তিনিচুকীয়াৰ চলিহা নগৰত বুধবাৰে অৰুণাচল চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰা আটকধুনীয়া অৰুণাচল ভৱন শুভ উদ্বোধন কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে । ১৯৭৭ চনতে অসম চৰকাৰৰ পৰা অৰুণাচল চৰকাৰে ক্ৰয় কৰিছিল মাটিখিনি । শেহতীয়াকৈ ২০২২ চনত অত্যাধুনিকভাৱে আধাৰশিলা স্থাপন কৰা উক্ত ভৱনটোত প্ৰায় ১১ কোটি টকা ব্যয় কৰে অৰুণাচল চৰকাৰে ।
বুধবাৰে শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে উপ-মুখ্যমন্ত্ৰী চৌনা মিন, অৰুণাচল প্ৰদেশৰ কেবাগৰাকীও মন্ত্ৰী, বিধায়ক, অসম চৰকাৰৰ বিধায়ক বলীন চেতিয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ।
ভৱনটোত ১৬ টা কোঠাৰ লগতে সভাকক্ষ আৰু প্ৰয়োজনীয় সকলো সুবিধা আছে ৷ শুভ উদ্বোধন অনুষ্ঠানত বিহুৰ উপৰিও অৰুণাচল প্ৰদেশৰ বহুকেইটা জনজাতিৰ সাংস্কৃতিক গোষ্ঠীয়ে নৃত্য প্ৰদৰ্শন কৰে । অত্যাধুনিক সুবিধা থকা এই আটকধুনীয়া ভৱনটোৱে অৰুণাচলৰে নহয়, অসম আৰু অসমৰ বাহিৰৰ পৰা অহা পৰ্যটককো সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷
লগতে পঢ়ক : অৰুণাচলত গভীৰ খাদত পৰিল সেনাৰ গাড়ী: নিহত ৩ সেনা জোৱান