অসম

assam

ETV Bharat / videos

কুৰবানি দিবলৈ নিয়া জন্তু জব্দ কৰিলে কাছাৰ আৰক্ষীয়ে - Eid Ul Adha 2024 - EID UL ADHA 2024

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 7:34 AM IST

Updated : Jun 17, 2024, 5:13 PM IST

শিলচৰ, ১৭ জুন : বিশ্বজুৰি মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পবিত্ৰ ঈদ-উদ-জোহা ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ-উদ-জোহা পালন কৰিছে ৷ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আল্লাহক ৰাজি আৰু সুখী কৰাৰ লক্ষ্যৰে পবিত্ৰ এই দিনটোত বিভিন্ন পশু কুৰবানি কৰি আহিছে ।

কিন্তু কাছাৰত ঈদৰ প্ৰাকমুহূৰ্তত কুৰবানিৰ পশুৰ বিচাৰি আৰক্ষীয়ে চলোৱা অভিযানক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় । দেওবাৰৰ বিলিৰ পৰা কাছাৰ আৰক্ষীয়ে ৰাজপথত কুৰবানিৰ পশু (গৰু) বিচাৰি অভিযান আৰম্ভ কৰে  । 

কাছাৰ জিলাৰ কেইবাটাও আৰক্ষীক চকীত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে কেইবাটাও গৰু ৷ বহু স্থানৰ পৰা বিভিন্নজনে গৰু লৈ যোৱাৰ সময়ত আৰক্ষীয়ে গৰুসমূহ আটক কৰিবলৈ আৰম্ভ কৰে ৷ কোনো কাৰণ অবিহনে এনেদৰে আৰক্ষীয়ে গৰুসমূহ জব্দ কৰাক লৈ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে একাংশ লোকে ।

লগতে পঢ়ক: কলগাছিয়াত বিধায়কৰ ইমামতিত আদায় সমূহীয়া নামাজ

Last Updated : Jun 17, 2024, 5:13 PM IST

ABOUT THE AUTHOR

...view details