অসম

assam

প্ৰাপ্য ধন বিচৰাৰ বাবেই গ্ৰাহকৰ আক্ৰমণৰ বলি ডেলীভাৰী বয় - Attack on delivery boy

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 9:17 PM IST

গ্ৰাহকৰ আক্ৰমণৰ বলি ডেলীভাৰী বয় (ETV Bharat Assam)

গুৱাহাটী, ২২ আগষ্ট : নিশাৰ গুৱাহাটীত পুনৰ ভূলুন্ঠিত হৈছে মানৱতা ! দোভাগ নিশা গ্ৰাহকৰ অৰ্ডাৰৰ খাদ্য দিবলৈ যোৱা ‘ডেলীভাৰী বয়’ক গ্ৰাহকে প্ৰহাৰ কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

নুনমাটি থানাৰ অন্তৰ্গত গীতানগৰ পথত বুধবাৰে নিশা প্ৰায় ১২ বজাত মহিদুল ইছলাম নামৰ ZAMATOৰ ‘ডেলীভাৰী বয়’ এজনৰ সৈতে সংঘটিত হয় এই দুখজনক ঘটনা ৷ জানিব পৰা মতে গীতানগৰ পথৰ এজন গ্ৰাহকক ৩১৮ টকাৰ অৰ্ডাৰৰ খাদ্য দিবলৈ নুনমাটিৰ পৰা গৈছিল ‘ডেলীভাৰী বয়’জনে ৷ পিছে গ্ৰাহকজনে বিভিন্ন অজুহাত দেখুৱাই পৰিশোধ কৰিবলগীয়া মূল্যতকৈ ২০ টকা কমাই দিব বিচাৰে ৷ কিন্তু ‘ডেলীভাৰী বয়’জনে গ্ৰাহকৰ পৰা বিচাৰিছিল নিৰ্ধাৰিত প্ৰাপ্য ধন । এই কথাতেই ডেলীভাৰী বয়জনৰ ওপৰত ক্ষুন্ন হৈ পৰে উদণ্ড গ্ৰাহকজন ৷ তাৰ পিছত নিজে পিন্ধা হেলমেটেৰে গ্ৰাহকজনে ডেলীভাৰী বয়জনৰ মূৰত নিৰ্মমভাৱে প্ৰহাৰ কৰে । পিছত ডেলীভাৰী বয়জনে এই কথা তেওঁলোকৰ কাৰ্যালয়ত জনায় ৷

এই ঘটনাৰ পিছতে বৃহস্পতিবাৰে নুনমাটি আৰক্ষী থানাত ZAMATOৰ ‘ডেলীভাৰী বয়’সকল উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । নিশাৰ মহানগৰীত আনক খাদ্য দিবলৈ আহি নিজে প্ৰহৃত হোৱা ‘ডেলীভাৰী বয়’ৰ নিৰাপত্তাহীনতাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত দাখিল গোচৰ

শিৱসাগৰকাণ্ড প্ৰসংগত গৃহমন্ত্ৰীৰ পদত্যাগ দাবী অখিল গগৈৰ : সমষ্টিলেই নগ’ল বুলি অখিলক সমালোচনা মন্ত্ৰী পীয়ুষৰ

ABOUT THE AUTHOR

...view details