অসম

assam

ETV Bharat / videos

চামগুৰিত চলিব ত্ৰিকোণীয়া যুঁজ ! এ আই ইউ ডি এফেও দিব প্ৰাৰ্থী

By ETV Bharat Assamese Team

Published : 5 hours ago

চামগুৰি: বাজি উঠিছে উপ-নিৰ্বাচনৰ ৰণশিঙা । কংগ্ৰেছ-বিজেপিৰ যুঁজক লৈ সৰৱ চৰ্চা চলি থকাৰ সময়তে মূৰ দাঙি উঠিছে এ আই ইউ ডি এফে । উপ-নিৰ্বাচনত চামগুৰি সমষ্টিত প্ৰাৰ্থী দিব এ আই ইউ ডি এফে । শুকুৰবাৰে এই কথা নিশ্চিত কৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । ইতিমধ্যে সভা অনুষ্ঠিত কৰি আমিনুল ইছলামে আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ । কোনো প্ৰাৰ্থীক পৰাজিত কৰিবৰ বাবে নহয় জয়ী হ'বৰ বাবেহে প্ৰাৰ্থী প্ৰদান কৰিব এ আই ইউ ডি এফে ।  

ইয়াৰোপৰি বিধায়কগৰাকীয়ে কয়, "চামগুৰিত গণতন্ত্ৰ বন্ধকত ৰাখা হৈছে আৰু ২০০১ চনৰ পৰা চামগুৰিত গুণ্ডাৰাজ আৰু স্বৈৰতন্ত্ৰ চলি আছে । বহু এ আই ইউ ডি এফ কৰ্মী বিনা দোষত বিভিন্ন সময়ত কংগ্ৰেছৰ আক্ৰমনৰ বলি হৈ মৃত্যু হৈছে । কংগ্ৰেছৰ অত্যাচাৰত চামগুৰিত এ আই ইউ ডি এফৰ বহু কৰ্মীয়ে ৰাজনৈতিক ত্যাগ কৰিবলৈ বাধ্য হৈছে । চামগুৰিত মুক্ত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ।"

লগতে পঢ়ক: উপ-নিৰ্বাচন: শনি বা দেওবাৰে ঘোষণা হ'ব বিৰোধীৰ প্ৰাৰ্থীৰ নাম

স্বচ্ছ-শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু বিশ্বনাথ জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details