নগদ ধনসহ অন্তৰ্ধান পেট্ৰ’ল ডিপোৰ কৰ্মচাৰী - Youth Missing
Published : Jun 25, 2024, 9:53 PM IST
মৰাণ, 25 জুন: চৰাইদেউ জিলাৰ সোণাৰিত সৃষ্টি হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ধনসহ সন্ধানহীন হৈছে পেট্ৰ’ল ডিপোৰ এগৰাকী কৰ্মচাৰী ৷ সোমবাৰে বিয়লিৰ পৰা সন্ধাহীন হৈ আছে কৰ্মচাৰীগৰাকী ৷ তেওঁ নাম অজয় সিং আৰু আচল ঘৰ ৰাজস্থানত ৷ সোমবাৰে বিয়লি ধন জমা দিবলৈ বেংকলৈ গৈছিল অজয় ৷ কিন্তু তাৰ পিচৰে পৰা কোনো সন্ধান নাই কৰ্মচাৰীগৰাকীৰ ৷
লগতে পঢ়ক: যোৰহাটত নিৰুদ্দেশ তিনি ছাত্র : মানৱ সৰবৰাহকাৰী চক্ৰৰ জালত পৰাৰ সন্দেহ - Student missing Jorhat
তিনিবছৰ পূৰ্বে ৰাজস্থানৰ পৰা আহি সোণাৰিৰ বানফেৰাৰ এটা পেট্ৰ’ল ডিপোত কৰ্মচাৰী হিচাপে যোগদান কৰিছিল অজয়ে ৷ সোমবাৰে বিয়লি ডিপোৰ ধন বেংকত জমা কৰিবলৈ মটৰ চাইকেলেৰে ৰাওনা হৈছিল তেওঁ ৷ তাৰ পিচৰ পৰাই অজয়ৰ কোনো সম্ভেদ লাভ কৰা নাই ডিপো কৰ্তৃপক্ষই ৷ ইফালে অজয়ে ব্যৱহাৰ কৰা AS 04 G 2179 নম্বৰৰ বাইকখন সোণাৰি নগৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগৰ ভজো কাকতিবাৰীৰ দিচাং নদীৰ কাষত উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷
অজয়ে কিমান ধন জমা কৰিবলৈ নিছিল সেই বিষয়ে ডিপো কৰ্তৃপক্ষই জনোৱা নাই যদিও মোটা অংকৰ ধন তেওঁ লগত লৈ যোৱা বুলি জনাইছে ৷ অজয় সিঙক কোনোবাই অপহৰণ কৰিলে, নে তেওঁ পলায়ন কৰিলে, নে দিচাঙত আত্মজাহ দিলে সেই বিষয়ে এতিয়াও নিশ্চিত হ’ব পৰা নাই আৰক্ষী ৷ দিচাঙৰ কাষত মটৰচাইকেলখন উদ্ধাৰ হোৱাত সমগ্ৰ ঘটনাটো ৰহস্যঘন হৈ পৰিছে ৷
ইতিমধ্যে অজয় সিঙৰ সন্ধানত অভিযান চলাই আছে আৰক্ষীয়ে ৷ অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীয়েও আৰক্ষীক এই অভিযানত সহায় কৰিছে ৷ কিন্তু এতিয়ালৈকে কোনো সন্ধানেই লাভ কৰিব পৰা নাই যুৱকজনৰ সন্দৰ্ভত ৷