গুৱাহাটীত আৰম্ভ ৩১ সংখ্যক অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতা - Aquatic Championship - AQUATIC CHAMPIONSHIP
Published : Jul 19, 2024, 7:01 PM IST
গুৱাহাটী, ১৯ জুলাই : গুৱাহাটীৰ সৰুসজাইস্থিত ড৹ জাকিৰ হুছেইন জলক্ৰীড়া প্ৰকল্পত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ৩১ সংখ্যক অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতা । তিনিদিনীয়াকৈ অসম সাঁতোৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই জলক্ৰীড়া প্ৰতিযোগিতাৰ । প্ৰতিযোগিতাত ৰাজ্যৰ মুঠ ১৬ খন জিলাৰ ৫ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । জুনিয়ৰ, চাব জুনিয়ৰ আৰু অ'পেন শাখাত মুঠ ১৪০ টা ইভেণ্টত অনুষ্ঠিত হৈছে এই অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতা ।
উল্লেখ্য যে আগন্তুক ওড়িশা, বেংগালুৰু আৰু ত্ৰিবান্দ্ৰমত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ আৰু জলক্ৰীড়া প্ৰতিযোগিতাৰ বাবে এই প্ৰতিযোগিতাৰ পৰাই খেলুৱৈ বাছনি কৰা হ'ব । ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলৰ প্ৰদৰ্শনত সন্তুষ্ট হৈছে অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাস । আগন্তুক দিনত অসমৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিব বুলিও তেওঁ আশাবাদী ।