অসম

assam

ETV Bharat / videos

১০০ ফুট উচ্চতাৰ ৰাৱণৰ পুত্তলিকা ক'ত ?

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 10:24 PM IST

Updated : Oct 12, 2024, 10:33 PM IST

বাক্সা, ১২ অক্টোবৰ: দশমী পূজাত দেৱীৰ চৰণত সেৱা লৈ সকলোৰে মংগল কামনা কৰিলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে । ইয়াৰ পিছতেই বৰমা বাৰোৱাৰী দুৰ্গাপূজাস্থলীৰ অন্তঃগাঠনি উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিব বুলি কয় সাংসদগৰাকীয়ে । ইয়াৰ পূৰ্বে সাংসদগৰাকীয়ে বাক্সা জিলাৰ নিকাচি,বৰবৰী আদিকে ধৰি বিভিন্ন পূজাস্থলী দৰ্শন কৰি মাৰ আশিস লয় ৷  

ইপিনে,বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এশ ফুট উচ্চতাৰ ৰাৱণৰ পুত্তলিকা নিৰ্মাণ কৰা হৈছে  ৷ প্ৰতি বছৰৰ দৰে এইবাৰো দছেৰা উৎসৱৰ লগত সংগতি ৰাখি এশ ফুট উচ্চতাৰ ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়  ৷ এইবাৰ ৰাৱণ দাহ কাৰ্যসূচীত বিটিচিৰ মুখ্য় কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে বিধায়ক ভূপেন বড়ো, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো উপস্থিত থাকে ৷  

লগতে পঢ়ক:ৰাৱণ দহনৰ পূৰ্বেই অঘটন; স্থাপন কৰিব লওঁতেই বাগৰি পৰিল ৰাৱণৰ পুত্তলিকা

২২ বছৰ ধৰি ৰাৱণক পূজা কৰা এজন ব্যক্তি; ৰাৱণেই তেওঁৰ আৰাধ্য দেৱতা, ৰাৱণেই তেওঁৰ গুৰু

Last Updated : Oct 12, 2024, 10:33 PM IST

ABOUT THE AUTHOR

...view details