অসম

assam

ETV Bharat / technology

ইউটিউব চোৱাৰ সময়ত বিজ্ঞাপনৰ বাবে সমস্যাৰ সন্মুখীন হয় নেকি ? শীঘ্ৰে আহি আছে YouTube Premium Lite

YouTube: ইউটিউবে কম বিজ্ঞাপনৰ সৈতে কম মূল্যৰ চাবস্ক্ৰিপশ্যন প্লেন অনাৰ বাবে চিন্তা-চৰ্চা চলাই আছে ৷ কিমান হ’ব মূল্য ?

youtube-testing-cheaper-subscription-plan-with-fewer-ads-youtube-premium-lite-in-the-works
ইউটিউব চোৱাৰ সময়ত বিজ্ঞাপনৰ বাবে সমস্যাৰ সন্মুখীন হয় নেকি ? শীঘ্ৰে আহি আছে YouTube Premium Lite (সংগ্ৰহিত)

By ETV Bharat Tech Team

Published : 4 hours ago

হায়দৰাবাদ:বিশ্বৰ সকলো ভিডিঅ’ প্লেটফৰ্মৰ ভিতৰত ইউটিউব সৰ্বাধিক জনপ্ৰিয় । জনপ্ৰিয়তাৰ দিশলৈ চাই এই অতি জনপ্ৰিয় ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্মে বৰ্তমান নিজৰ ৰাজহ বৃদ্ধিৰ বাবে পৰিকল্পনা যুগুত কৰিছে । গ্ৰাহকক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে কম পৰিমাণৰ বিজ্ঞাপনৰ সৈতে নতুন প্ৰিমিয়াম লাইট চাবস্ক্ৰিপশ্যনৰ বাবে কাম কৰা হৈছে বুলি তথ্য প্ৰকাশ পাইছে ।

ব্যৱহাৰকাৰী জোনাহমান্জানোৰ এটা ট্ৰেণ্ড পোষ্ট অনুসৰি ইউটিউবে প্ৰতিমাহে 8.99 ডলাৰত প্ৰিমিয়াম লাইট চাবস্ক্ৰিপশ্যন প্লেন প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে । এই নতুন প্লেন নিয়মীয়া প্ৰিমিয়াম প্লেনতকৈ প্ৰায় 50 শতাংশ কম, যাৰ মূল্য 16.99 ডলাৰ । কিন্তু বৰ্তমান ইউটিউব লাইটৰ বাৰ্ষিক চাবস্ক্ৰিপশ্যন পৰিকল্পনাৰ কোনো নিশ্চয়তা নাই । ইউটিউব প্ৰিমিয়াম লাইটৰ চাবস্ক্ৰিপশ্যন ভাৰতলৈ অনা হ’ব নে নহয় সেই সন্দৰ্ভতো বৰ্তমান কোনো কথা কোৱা হোৱা নাই ।

ইউটিউবৰ নিয়মীয়া প্ৰিমিয়াম প্লেন প্ৰতিমাহে 149 টকা হোৱাৰ বিপৰীতে যদি ভাৰতত এই নতুন প্ৰিমিয়াম লাইট সেৱা মুকলি কৰা হয় তেন্তে প্ৰায় 75 টকাত উপলব্ধ হ’ব বুলি আশা কৰা হৈছে । এই ইউটিউব প্ৰিমিয়াম লাইট চাবস্ক্ৰিপশ্যনৰ জৰিয়তে ইউটিউব চাই থকাৰ সময়ত কম বিজ্ঞাপন প্ৰদৰ্শিত হ’ব । The Verge ৰ এক প্ৰতিবেদন অনুসৰি ইউটিউবে বৰ্তমান জাৰ্মানী, থাইলেণ্ড, অষ্ট্ৰেলিয়াৰ দৰে নিৰ্বাচিত বজাৰত এই চাবস্ক্ৰিপশ্যন পৰীক্ষা কৰি আছে ।

ইউটিউব প্ৰিমিয়াম লাইটৰ সুবিধাসমূহ: ইউটিউব প্ৰিমিয়াম লাইটে ব্যৱহাৰকাৰীসকলক ইউটিউব চাই থকাৰ সময়ত বিজ্ঞাপনমুক্ত বিষয়বস্তু প্ৰদান কৰে । কিন্তু ব্যৱহাৰকাৰীয়ে সংগীতৰ বিষয়বস্তু আৰু চুটি ভিডিঅ’ত কিছুমান বিজ্ঞাপন চাব লাগিব । ইউটিউবে 2021 চনৰ পৰা ইউৰোপীয় বজাৰৰ বাবে প্ৰিমিয়াম লাইটৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰে । কিন্তু আনুষ্ঠানিকভাৱে উপলব্ধ হোৱাৰ পূৰ্বেই এই সেৱা বন্ধ কৰি দিয়া হৈছিল ।

লগতে পঢ়ক:Skip বুটাম এতিয়াও উপলব্ধ YouTube ত : জনালে YouTube ৰ মুখপাত্ৰই

60 ছেকেণ্ড নহয়, এতিয়াৰে পৰা বনাব পাৰিব দীঘলীয়া YouTube Shorts - YouTube Shorts Time Increased

ABOUT THE AUTHOR

...view details