হায়দৰাবাদ: বিশ্বৰ জনপ্ৰিয় ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্ম ইউটিউবে কিমান টকা উপাৰ্জন কৰে জানেনে ? 2024 চনত ইউটিউবে কিমান ধন উপাৰ্জন কৰিছিল ? আচলতে শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গুগলৰ ভিডিঅ’ শ্বেয়াৰিং কোম্পানী ইউটিউবে 2024 চনত মুঠ 36.2 বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় 3 লাখ কোটি টকা উপাৰ্জন কৰিছিল ।
কোম্পানীটোৰ বাৰ্ষিক আয়ৰ প্ৰতিবেদনৰ জৰিয়তে এই কথা প্ৰকাশ পাইছে, য’ত কোৱা হৈছে যে কোম্পানীটোৰ উপাৰ্জনৰ এটা বৃহৎ অংশ 2024 চনৰ শেষৰ ত্ৰৈমাসিকত অৰ্থাৎ (Q4 2024)ত আহিছে । Streamtvinsider ৰ দাবী যে এই ৰাজহ সম্পূৰ্ণৰূপে বিজ্ঞাপন বিক্ৰীৰ জৰিয়তে লাভ কৰা । ইয়াৰ ভিতৰত ইউটিউব প্ৰিমিয়াম চাবস্ক্ৰিপচন আৰু ইউটিউব টিভিৰ পৰা পোৱা উপাৰ্জন অন্তৰ্ভুক্ত নহয় ।
2024 চনত youtube ৰ উপাৰ্জন
ইয়াৰ পূৰ্বে ইউটিউবে এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল যে 2024 চনৰ 30 ছেপ্টেম্বৰ, 12 মাহৰ ভিতৰত বিজ্ঞাপন বিক্ৰী আৰু চাবস্ক্ৰিপচনৰ পৰা মুঠ 50 বিলিয়ন ডলাৰ উপাৰ্জন কৰিছে । পোনপ্ৰথমবাৰৰ বাবে ইউটিউবে 50 বিলিয়ন ডলাৰৰ মানদণ্ড অতিক্ৰম কৰিছে । এতিয়া ইউটিউবে শেহতীয়াকৈ প্ৰকাশ কৰা বাৰ্ষিক আয়ৰ প্ৰতিবেদন অনুসৰি যোৱা তিনিমাহত ইউটিউবে 10.473 বিলিয়ন ডলাৰ উপাৰ্জন কৰিছে । অৰ্থাৎ বিজ্ঞাপনৰ পৰা কোম্পানীটোৰ ৰাজহ বছৰৰ পিছত বছৰ ধৰি 13.8 শতাংশ বৃদ্ধি পাইছে । এয়া এতিয়ালৈকে এক চতুৰ্থাংশৰ ভিতৰত সৰ্বাধিক বৃদ্ধি ।