অসম

assam

ETV Bharat / technology

বিশ্বৰ সৰ্বাধিক উষ্ণ বৰ্ষ 2024 ! - CLIMATE CHANGE

2024 চনটো আটাইতকৈ উষ্ণ বছৰ হিচাপে অভিলেখ সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে । এই সন্দৰ্ভত বিশ্ব বতৰ বিজ্ঞান সংস্থা (WMO)ৰ প্ৰতিবেদন পঢ়ক ---

Global temperature is rising; 2024 could be the hottest year on record
বিশ্বৰ সৰ্বাধিক উষ্ণ বৰ্ষ 2024 ! (AP)

By ETV Bharat Tech Team

Published : Nov 15, 2024, 2:18 PM IST

হায়দৰাবাদ: দিনক দিনে বৃদ্ধি হৈছে পৃথিৱীৰ উষ্ণতা । যদিওবা 6 টা ঋতু আছে । কিন্তু প্ৰতিটো ঋতুতেই একেই বতৰ । কেতিয়াবাহে কিছু সময়ৰ বাবে বৰষুণ অথবা ঠাণ্ডা অনুভৱ হয় । বহুসময়ত মনলৈ ভাৱ আহে যেন এনে এটা সময় আহিব যেতিয়া ভৱিষ্যত প্ৰজন্মই কেৱল এটা ঋতু - গ্ৰীষ্মক স্বীকৃতি দিব আৰু বাকী 5 ঋতু ইতিহাস হৈ পৰিব । বতৰৰ এই অৱস্থাৰ মাজতে বিশ্ব বতৰ বিজ্ঞান সংস্থাই এক গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে ।

জলবায়ু পৰিৱৰ্তন দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে বিশ্ব বতৰ বিজ্ঞান সংস্থাই ৰেড এলাৰ্ট জাৰি কৰিছে । উষ্ণতাৰ পৰা সকাহ পাবলৈ সংস্থাটোৱে সেউজ গৃহ গেছৰ নিৰ্গমন ৰোধৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে ।

জানিব পৰা মতে, পূব ইউৰোপ আৰু পশ্চিম এছিয়াৰ সীমান্তৱৰ্তী আজাৰবাইজানৰ বাকুত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন COP29 ৰ প্ৰথম দিনাই এই সতৰ্কবাণী জাৰি কৰা হৈছে । 2024 চনৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত উষ্ণ এল নিনো (প্ৰশান্ত মহাসাগৰত প্ৰতি 2 ৰ পৰা 7 বছৰৰ মূৰে মূৰে এল নিনো ঘটে, যাৰ ফলত বতৰৰ বিস্তৃত পৰিসৰৰ সৃষ্টি হয়) ৰ বাবে বিশ্বৰ গড় পৃষ্ঠৰ উষ্ণতা 1.54 ডিগ্ৰী চেলছিয়াছ (0.13 ডিগ্ৰী অনিশ্চয়তাৰে) বৃদ্ধি পায় ।

ডব্লিউ এম অ’ৰ সচিব প্ৰধান চেলেষ্ট ছাউলোৱে ব্যাখ্যা কৰে যে মাহেকীয়া আৰু বাৰ্ষিক উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত 1.5 ডিগ্ৰী চেলছিয়াছ সাময়িকভাৱে অতিক্ৰম কৰাৰ অৰ্থ এইটো নহয় যে পেৰিছ চুক্তিৰ লক্ষ্য বিফল হৈছে, কিয়নো ইয়াত দশক দশক ধৰি গড় উষ্ণতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । তেওঁ কয় যে এল নিনো আৰু লা নিনোৰ দৰে জলবায়ুৰ আৰ্হিৰ বাবে জলবায়ুৰ বহু পৰিৱৰ্তন হৈছে । ছাউলোৱে জোৰ দি কয় যে উষ্ণতাৰ ডিগ্ৰীৰ প্ৰতিটো অংশই উল্লেখযোগ্য, কিয়নো প্ৰতিটো বৃদ্ধিয়ে জলবায়ুৰ প্ৰভাৱ আৰু বিপদ বৃদ্ধি কৰে ।

তেওঁ আৰু কয় যে অভিলেখ ভংগকাৰী বৰষুণ, বানপানী, ধুমুহা, অসহ্য তাপ, খৰাং, বনজুইয়ে আমাক দেখুৱাই দিছে যে পৃথিৱীৰ উষ্ণতা কেনেদৰে বৃদ্ধি পাইছে । সেয়েহে এতিয়া সেউজ গৃহ গেছৰ নিৰ্গমন ৰোধ কৰা আৰু পৰিৱৰ্তিত জলবায়ুৰ ওপৰত নজৰ ৰখা আৰু বুজাটো অতি প্ৰয়োজনীয় হৈ পৰিছে । তেওঁ কয় যে এই প্ৰতিবেদন বিশ্ববাসীৰ বাবে আগতীয়া সতৰ্কবাণীৰ ঘণ্টা ।

প্ৰতিবেদনৰ আলোকপাত

  • গোলকীয় উষ্ণতা: একেৰাহে 16 মাহ (2023 চনৰ জুন মাহৰ পৰা 2024 চনৰ ছেপ্টেম্বৰলৈকে ) বিশ্বৰ গড় উষ্ণতাই পূৰ্বৰ অভিলেখ অতিক্ৰম কৰাৰ বাবে 2024 চন আটাইতকৈ উষ্ণ বছৰ হিচাপে অভিলেখ গঢ়িব ।
  • সেউজ গৃহ গেছ: 2023 চনত সেউজ গৃহ গেছে অভিলেখ সৃষ্টি কৰিছিল আৰু 2024 চনত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব 1750 চনত 278 পিপিএমৰ পৰা 2023 চনত 420 পিপিএমলৈ 51% বৃদ্ধি পোৱাৰ লগে লগে অধিক বৃদ্ধি পোৱাৰ আশা কৰা হৈছে ।
  • সাগৰৰ উষ্ণতা: 2023 চনত মহাসাগৰৰ উষ্ণতা অভিলেখৰ ভিতৰত সৰ্বাধিক আছিল । 2024 চনতো একে স্তৰেই আছিল । যোৱা দুটা দশকত সাগৰৰ উষ্ণতা যথেষ্ট বৃদ্ধি পাইছে । 2005 চনৰ পৰা 2023 চনলৈকে প্ৰতি বছৰে সাগৰে প্ৰতি ঘণ্টাত গড়ে 31 লাখ টেৰাৱাট (TWh) তাপ শোষণ কৰিছিল ।
  • সাগৰৰ জলপৃষ্ঠ বৃদ্ধি: হিমবাহবোৰ গলি যোৱাৰ লগে লগে সাগৰৰ জলপৃষ্ঠও বাঢ়িছে । 2014-2023 চনৰ ভিতৰত বিশ্বৰ গড় সমুদ্ৰপৃষ্ঠ বছৰি 4.77 মিলিমিটাৰ বৃদ্ধি পাব, যিটো 1993-2002 চনৰ তুলনাত দুগুণ ।
  • বতৰ আৰু জলবায়ু: বেয়া বতৰ আৰু জলবায়ুৱে বহনক্ষম উন্নয়ন বহু পৰিমাণে দুৰ্বল কৰি তুলিছে । কেৱল সেয়াই নহয়, খাদ্য সুৰক্ষাও জটিল কৰি তুলিছে ৷ স্থানচ্যুতি, প্ৰব্ৰজন আৰু অধিক ভয়াৱহ কৰি তুলিছে । অসহ্যকৰ গৰম, ধাৰাসাৰ বৰষুণ, বানপানী আৰু খৰাং পৰিস্থিতিৰ বাবে বহু লোকে মৃত্যু আৰু ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে ।

লগতে পঢ়ক: মানুহৰ প্ৰভাৱ অবিহনেও বৃদ্ধি হ’ব পাৰে গোলকীয় উষ্ণতা

78% ভাৰতীয়ৰ মতে গোলকীয় উষ্ণতা এক বাস্তৱ; পৰিৱেশ সুৰক্ষাত জড়িত বহু লোক - Global Warming

ABOUT THE AUTHOR

...view details