হায়দৰাবাদ: টেলিকম অপাৰেটৰ ভোডাফোনে সৃষ্টি কৰিছে ইতিহাসৰ । কোম্পানীটোৱে বিশ্বৰ প্ৰথমটো ‘স্পেচ ভিডিঅ’ কল’ কৰা বুলি দাবী কৰিছে । আটাইতকৈ বিশেষ কথাটো হ’ল এই ফোনটো কোনো কোম্পানীৰ বিশেষ চেটেলাইট কানেক্টিভিটি ছাপৰ্ট থকা মোবাইল ফোন এটাৰ পৰা নহয়, বৰঞ্চ সাধাৰণ 4G, 5G কানেক্টিভিটি থকা মোবাইল ফোন এটাৰ পৰাহে কৰা হৈছিল । এই বিষয়টোৱে সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে । ভোডাফোনৰ শীৰ্ষ কাৰ্যবাহী বিষয়া মাৰ্ঘেৰিটা ডেলাই ইউৰোপীয় মহাকাশচাৰী টিম পিকৰ সৈতে দুৰ্গম অঞ্চলত সংযোগ প্ৰদানৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিছে । মহাকাশচাৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকি ইয়াৰ গুৰুত্বৰ বিষয়ে কয় ।
ভিডিঅ’ কলটো কেনেকৈ কৰা হৈছিল?
ব্ৰিটেইনৰ ৱেলছৰ এটা দূৰৱৰ্তী পাহাৰীয়া অঞ্চলৰ পৰা ভোডাফোনৰ এজন অভিযন্তাই এই ফোন কৰিছিল, য’ত কোনো মোবাইল নেটৱৰ্ক নাছিল । অভিযন্তাগৰাকীয়ে ভোডাফোনৰ শীৰ্ষ কাৰ্যবাহী বিষয়া মাৰ্ঘেৰিটা ডেলাক ভিডিঅ’ কল কৰে । ভিডিঅ’ কলত প্ৰায় 45 ছেকেণ্ড সময় কথা পাতিলে । ভিডিঅ’ কলৰ মানদণ্ড নিম্নখাপৰ আছিল, মাজে মাজে কাটি গৈছিল ফোনটো ।
ইয়াত 4G আৰু 5G সেৱা ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ ই নিয়মীয়া স্মাৰ্টফোনতো কাম কৰে।
- কোম্পানীটোৱে দাবী কৰিছে যে ই 120 এমবিপিএছ পৰ্যন্ত শীৰ্ষ গতি প্ৰদান কৰে, যিটো বৰ্তমান উপলব্ধ আন যিকোনো চেটেলাইট নেটৱৰ্কতকৈ ভাল ।
- ইয়াৰ দ্বাৰা কেৱল মেছেজিংতে সীমাবদ্ধ নাথাকিব, ভিডিঅ’ কল আৰু মোবাইল ব্ৰডবেণ্ড ইণ্টাৰনেটও উপলব্ধ হ’ব ।
- ইয়াৰ পূৰ্বে আইফোন আৰু গুগল পিক্সেল ফোনত বিশেষ মডেমৰ জৰিয়তে এই চেটেলাইট সংযোগ প্ৰদান কৰা হৈছিল । যাৰ বাবে ই মূলতঃ জৰুৰীকালীন সেৱা, স্থান শ্বেয়াৰিং আৰু টেক্সট মেছেজত সীমাবদ্ধ আছিল । কিন্তু ভিডিঅ’ কলিং কৰি ইতিহাস সৃষ্টি কৰিছে ভোডাফোনে ।
- ইফালে টি-ম’বাইলে স্পেচএক্সৰ ষ্টাৰলিংক ডাইৰেক্ট-টু-চেল নেটৱৰ্কৰ সৈতেও পৰীক্ষা চলাই আছে যদিও বৰ্তমান ই টেক্সট মেছেজত সীমাবদ্ধ হৈ আছে ।
এ এছ টি স্পেচ ম’বাইলৰ সৈতে ভোডাফোনৰ অংশীদাৰিত্ব
এই সেৱাৰ বাবে ভোডাফোনে টেক্সাছৰ এ এছ টি স্পেচ ম’বাইলৰ সৈতে অংশীদাৰিত্ব কৰিছে । ইতিমধ্যে কোম্পানীটোৱে 5 টা লো-আৰ্থ অৰ্বিট (এল ই অ’) ব্লুবাৰ্ড উপগ্ৰহ উৎক্ষেপণ কৰিছে, যিয়ে ভোডাফোনক ইয়াৰ স্থলজ নেটৱৰ্কৰ সৈতে সংযোগ কৰিব । পৰম্পৰাগত মোবাইল টাৱাৰে যাব নোৱাৰা অঞ্চলত মোবাইল নেটৱৰ্ক কভাৰেজৰ ব্যৱধান দূৰ কৰিবলৈ ইয়াক ডিজাইন কৰা হৈছে । ইয়াৰ দ্বাৰা পাহাৰীয়া, উপকূলীয় আৰু দুৰ্গম গাঁৱৰ লোকসকল উপকৃত হ’ব ।