হায়দৰাবাদ: ভাৰতত ভিভ’ই মুকলি কৰিবলৈ সাজু হৈছে কোম্পানীটোৰ নতুন বাজেট স্মাৰ্টফোন — Vivo T4x 5G । যদিও আনুষ্ঠানিক মুকলিৰ দিন সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ হোৱা নাই, কিন্তু এটা ডেডিকেটেড ফ্লিপকাৰ্ট মাইক্ৰ’ছাইট আছে যিয়ে স্মাৰ্টফোনটো মুকলি হ’ব বুলি ইংগিত দিছে । এবাৰ মুকলি কৰাৰ পিছত এই ডিভাইচটো একচেটিয়াভাৱে ফ্লিপকাৰ্টৰ জৰিয়তে উপলব্ধ হ’ব ।
ভিভ’ৱেও ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X লৈ গৈ এই সন্দদৰ্ভত ইংগিত দিছে । “ভিভ’ T3X 5G য়ে নিয়ম সলনি কৰিলে । গেমটো সলনি কৰিবলৈ আহি আছে vivo T4x 5G । আপুনি সাজু নে ?” - কোম্পানীটোৱে এক্সত দিয়া এটা পোষ্টত এইদৰে কয় ।
Vivo T4x 5G: প্ৰত্যাশিত স্পেচিফিকেশন আৰু বৈশিষ্ট্য
চৰকাৰী নিশ্চিতকৰণৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে প্ৰকাশিত তথ্যই ইংগিত দিছে যে ভিভ’ T4এক্স 5G মিডিয়াটেক ডাইমেনচিটি 7300 চিপছেটৰ দ্বাৰা চালিত হ’ব পাৰে । কেইবাটাও লিক অনুসৰি Vivo T4x 5G ত 50MP AI-এনহান্সড প্ৰাইমেৰী কেমেৰা থাকিব । ব্যৱহাৰকাৰীসকলে উন্নত AI বৈশিষ্ট্যসমূহ যেনে AI ইৰেজাৰ, AI ফটো আদি পাব পাৰে ।
বেটাৰীৰ জীৱনকাল T4x 5G ৰ এটা ষ্টেণ্ডআউট বৈশিষ্ট্য হ’ব বুলি আশা কৰা হৈছে, ভিভ’ই ইয়াক “ইয়াৰ ছেগমেণ্টৰ আটাইতকৈ ডাঙৰ” বুলি ইংগিত দিছে । জল্পনা-কল্পনাসমূহে 6500 mAh বেটাৰীৰ কথা আঙুলিয়াই দিয়ে অৰ্থাৎ 6000 mAh বেটাৰীৰ পৰা উন্নীতকৰণ ৷