হায়দৰাবাদ: 2025 চনৰ প্ৰথম মাহটোত অৰ্থাৎ জানুৱাৰী মাহত ভাৰতীয় মোবাইলৰ বজাৰত ডেৰ ডজনতকৈও অধিক স্মাৰ্টফোন মুকলি কৰা হৈছে । ইয়াৰ মূল্য 10 হাজাৰ টকাৰ তলত আৰু 1 লাখ টকাতকৈও অধিক । এতিয়া ফেব্ৰুৱাৰী মাহতো বহু আকৰ্ষণীয় বৈশিষ্ট্যযুক্ত ফোন বজাৰত মুকলি হ’ব । য’ত উচ্চমানৰ কেমেৰা, বৃহৎ বেটাৰী আৰু গেমিং স্মাৰ্টফোন অৰ্ন্তভুক্ত হ’ব পাৰে । যদি আপুনি নতুন ফোন ক্ৰয় কৰিব বিচাৰে তেন্তে জানি লওক কোনবোৰ ব্ৰেণ্ডে ফেব্ৰুৱাৰী মাহত নতুন ফোন মুকলি কৰিব---
ফেব্ৰুৱাৰী মাহত মুকলি হ’বলগীয়া স্মাৰ্টফোনবোৰ
iQOO Neo 10R
iQOO এ মুকলি কৰিছে নিজৰ মিড ৰেঞ্জ স্মাৰ্টফোন iQOO Neo 10R ৰ টিজাৰ, য’ত মুকলি কৰাৰ তাৰিখ প্ৰকাশ কৰা হোৱা নাই । কিন্তু ফেব্ৰুৱাৰী মাহত মুকলি কৰিব বুলি আশা কৰা হৈছে । টিপষ্টাৰ অভিষেক যাদৱৰ এটা পোষ্ট অনুসৰি, ই হ’ব এটা ডাঙৰ বেটাৰী থকা ফোন যাৰ বেটাৰী হ’ব পাৰে 6400 mAh । এই বেটাৰী চাৰ্জ কৰিবলৈ 80W ফাষ্ট চাৰ্জিং পোৱা যাব। স্মাৰ্টফোনটোত Snapdragon 8s Gen 3 প্ৰচেছৰ থাকিব পাৰে, য’ত 12GB ৰেম পোৱাৰ সম্ভাৱনা আছে । মোবাইলটোত 6.8 ইঞ্চিৰ 144 হাৰ্টজ AMOLED স্ক্ৰীণ থাকিব পাৰে । ফটোগ্ৰাফীৰ বাবে ইয়াত 50 MP ডুৱেল ৰিয়াৰ কেমেৰা আৰু 16 MP ফ্ৰন্ট কেমেৰা পোৱা যাব । কিন্তু কোম্পানীটোৱে স্পষ্ট কৰি দিছে যে ইয়াক আমাজনত বিক্ৰীৰ বাবে উপলব্ধ কৰা হ’ব ।
Vivo V50 Series
ভাৰতীয় বজাৰত ভিভ’ই মুকলি কৰিব পাৰে নিজৰ ভিভ’ V50 ছিৰিজ । ইয়াত দুটা ফোন Vivo V50 আৰু Vivo V50 Pro মুকলি কৰা হ’ব । ইয়াত 50MP কেমেৰা আৰু ডাঙৰ 6000mAh বেটাৰী পাব পাৰে । চীনৰ কোম্পানী Vivo এ যোৱা বছৰৰ নৱেম্বৰ মাহত চীনত Vivo S20 মডেল মুকলি কৰিছিল । কোম্পানীয়ে ইয়াক ৰিব্ৰেণ্ড কৰি ভাৰতত অতি সোনকালে Vivo V50 নামেৰে মুকলি কৰিবলৈ ওলাইছে । চীনত Vivo S20 স্মাৰ্টফোনটো CNY 2299 (ভাৰতীয় হিচাপত প্ৰায় 27000 টকা) ত মুকলি কৰা হৈছে । গতিকে যদি আমি এই দিশলৈ লক্ষ্য কৰো তেন্তে ভাৰতত 30 হাজাৰ টকাত Vivo V50 মুকলি কৰিব পাৰে ।
Xiaomi 15 ছিৰিজ