অসম

assam

ETV Bharat / technology

টিণ্ডাৰ, বাম্বলৰ দৰে অনলাইন ডেটিং এপে শ্বেয়াৰ কৰিব পাৰে আপোনাৰ ব্যক্তিগত তথ্য... - Dating Apps Selling User Info - DATING APPS SELLING USER INFO

DATING APPS SELLING USER INFO : যদি আপুনি টিণ্ডাৰ, হিঞ্জ আৰু বাম্বলৰ দৰে ডেটিং এপ ব্যৱহাৰ কৰে, তেন্তে সতৰ্ক হওক । ডেটিং এপৰ ব্যৱহাৰকাৰীসকলে গোপনীয়তা ভাবুকিৰ সন্মুখীন হৈছে । পঢ়ক সবিশেষ...

DATING APPS SELLING USER INFO
টিণ্ডাৰ, বাম্বলৰ দৰে অনলাইন ডেটিং এপে শ্বেয়াৰ কৰিব পাৰে আপোনাৰ ব্যক্তিগত তথ্য...

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 1:38 PM IST

বৰ্তমান সময়ত প্ৰেম আৰু বিবাহো অনলাইনযোগে ঠিক কৰিব পাৰে ৷ ব্যস্ততাৰ ধমখুমীয়াত সময়ৰ দোষ দি কিছু লোকে জীৱন সংগী বিচাৰিবলৈ এনেধৰণৰ বহু ডেটিং এপ ব্যৱহাৰ কৰে ৷ এই ডেটিং এপবোৰে প্ৰেম আৰু ডেটিঙৰ পথটো বহুত সহজ কৰি তোলে ।

কিন্তু আপোনালোকে জানেনে এই অনলাইন ডেটিং এপৰ ব্যৱহাৰৰ ফলাফল কিমান ভয়াৱহ ? শেহতীয়া এক খবৰ অনুসৰি অনলাইন ডেটিং এপসমূহে আমাৰ গোপনীয়তা ভংগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ কিছু অজ্ঞাত ব্যৱহাৰকাৰীসকলৰ বাবে এনেধৰণৰ এপে এতিয়া ভাবুকিৰ সৃষ্টি কৰিছে ৷

বহু সংখ্যক ব্যৱহাৰকাৰীয়ে টিণ্ডাৰ, হিঞ্জ আৰু বাম্বলৰ দৰে ডেটিং এপ ব্যৱহাৰ কৰে ৷ ফায়াৰফক্স নিৰ্মাতা মজিলা ফাউণ্ডেচনৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, টিণ্ডাৰ, বাম্বল আৰু হিঞ্জৰ দৰে ডেটিং এপ্পে বিজ্ঞাপনৰ বাবে আপোনাৰ ব্যক্তিগত তথ্য বিক্ৰী কৰিব পাৰে । কেৱল এয়াই নহয়, ই আপোনাৰ ওপৰত চোৰাংচোৱাগিৰিও কৰিব পাৰে ।

মজিলা ফাউণ্ডেচনৰ গৱেষকসকলৰ মতে, তেওঁলোকে পৰ্যালোচনা কৰা 25 টা ডেটিং এপ, যাৰ ভিতৰত 22 জনে ব্যৱহাৰকাৰীৰ গোপনীয়তাৰ ক্ষেত্ৰত ভাবুকি আহি পৰিছে ৷ তেওঁলোকৰ কিছু তথ্য উলংঘনৰ ৰেকৰ্ডো আছে ।

প্ৰতিবেদন অনুসৰি, ইয়াৰে প্ৰায় 25 শতাংশ এপে আপলোড কৰা ফটো, যৌন তথ্য, ধৰ্ম, জাতি বা অন্যান্য ব্যক্তিগত বিষয়ৰ বিষয়ে আনৰ সৈতে কথোপকথনতো ব্যৱহাৰ কৰিব পাৰে ৷ লগতে, আন সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা লগ ইন কৰা পৰিহাৰ কৰিব ৷ ব্যৱহাৰকাৰীয়ে যিমান সম্ভৱ গোপনীয়তা বৰ্তাই ৰাখক ৷

উল্লেখ্য যে, প্ৰতিবেদনত, টিণ্ডাৰ, হিঞ্জ, বাম্বলৰ দৰে ডেটিং এপবোৰক সৰ্বনিম্ন ৰেটিং দিয়া হৈছে ৷ কাৰণ এইসমূহ এপত গোপনীয়তা অন্তৰ্ভুক্ত কৰা নাছিল ৷ প্ৰকৃততে, ডেটিং এপবোৰত উল্লেখ আছে যে ইয়াত ব্যক্তিগত তথ্য দিয়াটো বৈকল্পিক । বহুতো ডেটিং এপে এনে তথ্যৰ বাবে ব্যৱহাৰকাৰীৰ পৰা অনুমতি বিচাৰে আৰু যদি ব্যৱহাৰকাৰীয়ে তেওঁলোকক অনুমতি নিদিয়ে তেন্তে এই এপটোৱে কাম নকৰে।

লগতে পঢ়ক:ভাৰতত বন্ধ হ’ব X সেৱা ! কিন্তু কিয় ? - X SERVER DOWN IN INDIA

ABOUT THE AUTHOR

...view details