হায়দৰাবাদ: এণ্ড্ৰইড ডিভাইচ ব্যৱহাৰকাৰীসকলে বহু বছৰ ধৰি এপল টিভি এপ ব্যৱহাৰ কৰাৰ সপোন দেখি আহিছে । অৱশেষত তেওঁলোকৰ সপোন বাস্তৱ হ’ল ৷ কাৰণ শেহতীয়াকৈ এপলে এণ্ড্ৰইড ডিভাইচৰ বাবেও এপল টিভি এপ মুকলি কৰিছে । অৰ্থাৎ এতিয়া এণ্ড্ৰইড ডিভাইচ ব্যৱহাৰকাৰীয়ে এপল টিভি এপে আগবঢ়োৱা সকলো বস্তুৰ সুবিধা ল’ব পাৰিব, য’ত আছে এপল টিভি প্লাছৰ কন্টেন্ট, মেজৰ লীগ ছকাৰ (এমএলএছ) ছিজন পাছ ।
এপল টিভি এপ এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত চলি থকা সকলো ডিভাইচ অৰ্থাৎ স্মাৰ্টফোন, টেবলেট আদিত উপলব্ধ হ’ব । ব্যৱহাৰকাৰীয়ে যিকোনো এণ্ড্ৰইড ডিভাইচত এপল টিভি এপৰ বিষয়বস্তু চাব পাৰিব । এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে এপল টিভিত Continue Watching ৰ বৈশিষ্ট্য লাভ কৰিব, যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে এটা খণ্ড অথবা এখন চিৰিজ য’ত এৰিছিল তাৰ পৰাই পৰৱৰ্তী কন্টেন্ট পুনৰ চাব পাৰিব ।
এণ্ড্ৰইড ডিভাইচত এপল টিভি এপ
এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে এপল টিভি এপত Watchlist নামৰ এটা বৈশিষ্ট্যও লাভ কৰিব, যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ভৱিষ্যতে চাব বিচৰা চিনেমা আৰু শ্ব’সমূহ ট্ৰেক কৰিব পাৰিব । ব্যৱহাৰকাৰীয়ে ৱাই-ফাই বা চেলুলাৰ নেটৱৰ্কৰ জৰিয়তে কন্টেন্ট ষ্ট্ৰীম কৰিব পাৰিব । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে অফলাইন ডাউনলোডৰ সুবিধাও ল’ব পাৰিব ।